ETV Bharat / bharat

বিয়াৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই কিশোৰীক হত্যা

ভালপোৱাৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা 17 বছৰীয়া কিশোৰীক ৷ হত্যাকাৰীক বিচাৰি আৰক্ষীৰ অভিযান আৰম্ভ ৷ পূৰ্বৰে পৰা কিশোৰী গৰাকীৰ পৰিয়ালৰ সৈতে আহ-যাহ আছিল যুৱক জনৰ ৷ প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে যুৱক গৰাকীয়ে কিশোৰী গৰাকীক হত্যা কৰাৰ অভিযোগ ৷

author img

By

Published : Feb 21, 2021, 10:38 PM IST

Man kills girl for rejecting marriage proposal

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী: দিল্লীৰ ৰিংকু শৰ্মাৰ হত্যাকাণ্ডৰ বিতৰ্ক শেষ নহওতেই বেগমপুৰ অঞ্চলত এগৰাকী 17 বছৰীয়া কিশোৰীৰ হত্যাকাণ্ডই পুনৰ ৰাজধানী চহৰখনক জোকাৰি গৈছে ৷

অভিযোগ অনুসৰি বেগমপুৰ অঞ্চলত শুকুৰবাৰে আবেলি এগৰাকী 17 বছৰীয়া কিশোৰীক হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা কৰা হয় ৷ লাইক হিচাপে পৰিচিত হত্যাকাৰী জনক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ দিল্লী আৰক্ষীয়ে ভোক্তভোগীৰ ঘৰৰ কাষত নিৰাপত্তা বঢ়াই তুলিছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে নিহত কিশোৰী গৰাকী পৰিয়ালৰ সৈতে পূৰ্বতে বাৱানা অঞ্চলত বাস কৰিছিল আৰু মাত্ৰ এবছৰ পূৰ্বে বেগমপুৰ অঞ্চললৈ পৰিয়ালটো উঠি আহিছিল ৷ আৰক্ষী বিষয়া প্ৰমোদ কুমাৰ মিশ্ৰই কয় যে, "অভিযুক্ত 25 বৰ্ষীয় হত্যাকাৰী লাইক প্ৰায়েই কিশোৰী গৰাকীৰ নতুন ঘৰলৈ আহ-যাহ কৰিছিল ৷ কিশোৰীৰ গৰাকীৰ প্ৰতি শেহতীয়াকৈ দুৰ্বল হৈ পৰাৰ পূৰ্বে যুৱকজনৰ সম্পৰ্ক পৰিয়ালটোৰ সৈতে যথেষ্ট ভাল আছিল ৷ কিছুদিন পূৰ্বে লাইকে ছোৱালীগৰাকীক ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও কিশোৰী গৰাকীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰে ৷ "

কিশোৰীগৰাকীয়ে ভালপোৱাৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ৷ ইতিমধ্যে ভোক্তভোগী কিশোৰী গৰাকীৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ৷ তেওঁ অভিযোগ কৰিছে যে, তেওঁ লাইকক সিঁহতৰ ঘৰ দুৱাৰ বন্ধ কৰি দৌৰি উলাই যোৱা প্ৰত্যক্ষ কৰিছিল ৷ দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতে তেওঁ ভোক্তভোগী গৰাকীক মূৰত প্ৰচণ্ড আঘাতেৰে সৈতে মজিয়াত তেজেৰে লুটুৰী পুতুৰী হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ কিশোৰগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষমা কৰে ৷

লগতে পঢ়ক: একেটা পৰিয়ালৰ দুগৰাকীক ঘপিয়ালে দুৰ্বিত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.