নেচলেল ডেক্স, 7 এপ্ৰিল : তেলাংগানা ৰাজ্যৰ কালৱাকুৰ্থীৰ এজন দুৰ্নীতিৰ গোচৰত অভিযুক্ত ব্যক্তিৰ ঘৰত এচিবি বিষয়াসকলে অভিযান চলাই থকাৰ সময়তে কেইবা লাখ টকা মূল্যৰ নোট জ্বলাই দিয়ে ৷
ঘটনা অনুসৰি, কোৰেণ্টাকুন্টা তাণ্ডা চৰপঞ্চ ৰামুলু নামৰ ব্যক্তিজনে ভেলদাণ্ডা মণ্ডল বোললাম্পলীত এটা গ্ৰেভেল মিল স্থাপন কৰিবলৈ খনি বিভাগত ওচৰত অনুমতিৰ বাবে আবেদন কৰিছিল ৷ এই সন্দৰ্ভত ভেলদাণ্ডাৰ তহচিলদাৰক লগ ধৰাত তদচিলদাৰে কালভাকুৰ্থী চহৰৰ বাসিন্দা ভেংকটায়া গৌড়ক লগ ধৰি বিষয়টোৰ বিষয়ে আলোচনা কৰিব লাগে বুলি পৰামৰ্শ দিয়ে ৷
ভেংকটায়া গৌড়ে কোৰেণ্টাকুন্টা তাণ্ডা চৰপঞ্চ ৰামুলুৰ পৰা কামটো কৰি দিয়াৰ বাবদ 6 লাখ টকাৰ উৎকোচ বিচাৰে ৷ ঘটনা সন্দৰ্ভত ৰামুলুৱে দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)ৰ ওচৰত গোচৰ তৰে ৷ দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)ৰ পৰামৰ্শ মতে ৰামুলুৱে মঙলবাৰে গৌড়ৰ ঘৰলৈ গৈ চুক্তি মৰ্মে টকাখিনি পৰিশোধ কৰে ৷
পৰিকল্পনাটো প্ৰস্তুত কৰা এচিবি বিষয়াসকলে গৌড়ৰ ঘৰত তালাচী চলায় । উপায়ন্তৰ হৈ উৎকোচ লোৱা 5 লাখ টকা সকলো দুৱাৰ বন্ধ কৰি গেছ ষ্টোভত জ্বলাই দিয়ে ভেংকটায়া গৌড়ে । বিষয়াসকলে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি 30 শতাংশ টকাহে পুনৰুদ্ধাৰ কৰে অভিযুক্তৰপৰা ৷
লগতে পঢ়ক: বিটিচিত হাগ্ৰামাই এজনো বিধায়কক জয়ী কৰাব নোৱাৰে : প্ৰমোদ বড়ো