ETV Bharat / bharat

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীক উদ্দেশ্যি মমতাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰীৰ - কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যই বিধানসভা নিৰ্বাচনত আসন্ন পৰাজয়ক লৈ তেওঁ হতাশাত ভূগি থকাকে সূচাইছে ।

কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক উদ্দেশ্যি মমতাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰীৰ

author img

By

Published : Apr 9, 2021, 8:01 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: 'কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ উদ্দেশ্যি মমতা বেনাৰ্জীয়ে কৰা মন্তব্যই বিধানসভা নিৰ্বাচনত আসন্ন পৰাজয়ক লৈ তেওঁ হতাশাত ভোগাৰ ইংগিত বহন কৰিছে' । শুক্ৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এইদৰে কঠোৰ ভাষাৰে সমালোচনা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

তেওঁ কয় যে, তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপি জয়ী হ'ব । তিনিটা পৰ্যায়ত ৰাজ্যখনৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কেতিয়াও কোনো মুখ্যমন্ত্ৰী বা ৰাজনৈতিক দলৰ সভাপতিক মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীক উদ্দেশ্যি ব্যৱহাৰ কৰাৰ দৰে শব্দ ব্যৱহাৰ কৰা দেখা নাই ।

মমতা বেনাৰ্জীয়ে অৰাজকতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে নেকি আৰু তেওঁ বিভ্ৰান্তি বিচাৰে নেকি বুলি অমিত শ্বাহে প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, মমতা বেনাৰ্জী কিছু সাধাৰণ জ্ঞান থকা উচিত । তেওঁ জানিব লাগে যে নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় বাহিনীয়ে গৃহ মন্ত্ৰালয়ৰ অধীনত কাম নকৰে । তেওঁলোক নিৰ্বাচনী আয়োগৰ অধীনত কাম কৰি আছে । শুক্ৰবাৰে এখন সংবাদমেলত এইদৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক শ্বাহে সমালোচনা কৰে ।

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ জোৱানে ভোটাৰক ভীতিগ্ৰস্ত কৰি বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ নিৰ্দেশ দিছিল বুলি তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৃহ মন্ত্ৰীগৰাকীয়ে । শ্বাহে কয় যে, অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা, নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে মমতা বেনাৰ্জীয়ে প্ৰতিবাদ কৰাক লৈ বংগবাসী বিৰক্ত হৈ পৰিছে ।

লগতে পঢ়ক:জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.