এটা শতিকাৰো অধিক সময়ৰ পূৰ্বে ১৯২১ চনৰ ২২ ছেপ্টেম্বৰত গুজৰাটী পোছাক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল মহাত্মা গান্ধীয়ে । গুজৰাটী পোছাক এৰি পৰিধান কৰা নতুন সাজযোৰৰ বাবে তেওঁক অভিহিত কৰা হৈছিল অৰ্ধ-উলংগ ফকীৰ হিচাপে । যিটো ঘৰত তেওঁ নিজৰ পুৰণি সাজ এৰি নতুন সাজ পৰিধান কৰিছিল, উক্ত ঘৰটোৱেই এতিয়া খাদী এম্পোৰিয়াম নামেৰে জনাজাত ।
একবস্ত্ৰ পৰিধান কৰাৰ কাৰণ হিচাপে মহাত্মা গান্ধীয়ে ভাৱিছিল যে, যদি দৰিদ্ৰ লোকসকলৰ পৰা তেওঁ পৃথক হৈ থাকে, তেন্তে তেওঁ কেনেকৈ নিজকে তেওঁলোকৰ সৈতে একে বুলি পৰিচয় দিব পাৰিব ।
গান্ধীজীয়ে কৈছিল, "মই মোৰ জীৱনকালত কৰা সকলো পৰিৱৰ্তন গুৰুত্বপূৰ্ণ কাৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু সেই পৰিৱৰ্তনবোৰ ইমান গভীৰ চিন্তা-চৰ্চাৰ পিছত কৰা হৈছে যে, মই সেই সিদ্ধান্তক লৈ অনুশোচনা কৰিব লগা হোৱা নাই । সেয়ে, মোৰ জীৱনলৈ সেই পৰিৱৰ্তন আনিছিলো । মোৰ পোছাকত এই আমূল পৰিৱৰ্তন মই মাদুৰাইলৈ যোৱাৰ সময়ৰ এক প্ৰভাৱ" ।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি প্ৰচাৰ কৰিছিল, সেয়া তেওঁ নিজেও কৰি দেখুৱাইছিল । প্ৰতিজন মানুহে নিজে কপাহী সূতা তৈয়াৰ কৰিব লাগে আৰু নিজৰ কাপোৰ নিজে প্ৰস্তুত কৰিব লাগে । এই পোছাকযোৰে তেওঁক এফালে ফুলৰ থোপা আৰু আনফালে ককৰ্থনা দিছিল । ৰজা পঞ্চম জৰ্জে বাকিংহাম পেলেচলৈ গান্ধীক নিমন্ত্ৰণ কৰাটো উল্লেখযোগ্য আছিল । গান্ধীৰ পোছাক আদালতৰ শিষ্টাচাৰ বিৰোধী আছিল ।
একবস্ত্ৰ পৰিধান কৰিয়েই মহাত্মা গান্ধীয়ে লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজ মেলতো অংশগ্ৰহণ কৰিছিল । গান্ধীজীৰ মতে, ভাৰতীয় দৰিদ্ৰ লোকসকল তেতিয়াও ব্ৰিটেইনৰ বাবে উলংগ হৈ আছিল । এই বিষয়তে মহাত্মা গান্ধীয়ে সেই বিখ্যাত মন্তব্য কৰি কৈছিল যে “The king had enough on for both of us” ।
মাদুৰাইলৈ দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ কৰাৰ সময়ত পশ্চিম মাচি ষ্ট্ৰীটত অৱস্থিত এটা ঘৰত থাকি গান্ধীয়ে সাধাৰণ কৃষকৰ পোছাক পিন্ধি ওলাই আহিছিল । কাৰাইকুডিলৈ যাওঁতে গান্ধীয়ে একাংশ লোকৰ সৈতে মত-বিনিময় কৰিছিল । তেওঁৰ পোছাকে ব্ৰিটিছ শোষণৰ বিৰুদ্ধে তেওঁৰ ৰাজনৈতিক স্থিতিৰ বাৰ্তা প্ৰচাৰ কৰিছিল আৰু এয়া মাদুৰাইৰ পৰাই আৰম্ভ হৈছিল ।
মাদুৰাইৰ কামৰাজৰ ৰোডৰ আলংকাৰ থিয়েটাৰৰ ওচৰতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল । এই স্থানতে তেওঁক প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ একবস্ত্ৰ পৰিধান কৰা দেখা পোৱা গৈছিল । একবস্ত্ৰৰ সৈতে মহাত্মা গান্ধীক প্ৰথম ৰাজহুৱাভাৱে দেখা পোৱা স্থানক বৰ্তমান 'গান্ধী পট্টাল' নামেৰে জনাজাত ।
গান্ধীজীৰ ব্যক্তিগত পৰিৱৰ্তনে স্বাধীনতাৰ অপেক্ষাত থকা লোকসকলক উৎসাহিত কৰিছিল । ফলত ব্ৰিটিছৰ সামগ্ৰী বৰ্জন কৰা হৈছিল আৰু এয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক মাইলৰ খুঁটি আছিল ।