ETV Bharat / state

জানুৱাৰীত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব : মুখ্যমন্ত্ৰী

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সাংগঠনি সমিতি গঠনৰ তৎপৰতা বিজেপিৰ । বুথ, মণ্ডল আৰু জিলা সমিতিৰ লগতে ৰাজ্যিক সভাপতিও জানুৱাৰীৰ ভিতৰত নিৰ্বাচিত কৰা হ'ব ।

CM Himanta Biswa Sarma
জানুৱাৰীত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী : ২০২৫ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে নতুনকৈ গঠন হ'ব বিজেপিৰ ৰাজ্যিক সমিতি । ৫ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত গঠন হ'ব মণ্ডল জিলা সমিতি । মণ্ডল, জিলা সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভা নিৰ্বাচন ।

এই সমগ্ৰ বিষয়সমূহ সামৰি লগতে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ শনিবাৰে দিনৰ ভাগত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক । য'ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপৰিও অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকে । লগতে উপস্থিত থাকে মন্ত্ৰী, বিধায়ক, সাংসদ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জিলা আৰু মণ্ডল সভাপতিসকল ।

জানুৱাৰীত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব (ETV Bharat)

উল্লেখ্য যে ইতিমধ্যে আৰম্ভ হৈছে বিজেপিৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া । জিলাই জিলাই মণ্ডল, জিলাৰ উপৰিও বুথসমূহ নতুনকৈ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । দিনৰ ভাগৰ সমান্তৰালকৈ এই সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ শনিবাৰে সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপৰিও অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে অংশ লয় আন এক বৈঠকত ।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয়, "বিজেপিৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছে । আমি প্ৰথমে ৬৩ লাখতকৈ অধিক প্ৰাথমিক সদস্য কৰিলো । তাৰ ভিতৰত বৰ্তমান আমি ৬৭ হাজাৰ সক্ৰিয় সদস্য কৰিলো । ইয়াৰে পৰা আমি ২০ হাজাৰ বুথ সভাপতি নিৰ্বাচন কৰিম । ডিচেম্বৰ মাহতে জিলা সভাপতিসকলক নিৰ্বাচিত কৰা হ'ব । লগতে অহা জানুৱাৰী মাহত ৰাজ্যিক সভাপতি নিৰ্বাচন কৰা হ'ব ।"

মন্ত্ৰীসভা সম্প্ৰসাৰণ

মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "মন্ত্ৰীসভাত বৰাকৰ পৰা এজনক ল'ব লাগিব । সেই মন্ত্ৰীজন আমি ডিচেম্বৰ মাহৰ ভিতৰতে ল'ব লাগিব । কাৰণ বৰ্তমান বৰাক উপত্যকা মন্ত্ৰীহীন হৈ আছে । বাকী আমি এতিয়া চিন্তা কৰা নাই, কিয়নো সংগঠন পৰ্বটোৰ এতিয়া গুৰুত্ব বেছি । এতিয়া সদস্য ভৰ্তিও চলি আছে । জানুৱাৰীত নতুন ৰাজ্যিক সভাপতি আহিব । গতিকে তাৰ পিছত আলাপ আলোচনাৰ মাজত কৰা হ'ব সম্প্ৰসাৰণ ।"

ঝাৰখণ্ডৰ প্ৰতিনিধি অসমলৈ অহা সন্দৰ্ভত প্ৰতিক্ৰিয়া

ইফালে ঝাৰখণ্ডৰ এক প্ৰতিনিধি দলৰ সম্ভাব্য অসম ভ্ৰমণৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "আমি অহা ৫ তাৰিখে কেবিনেটত এক সিদ্ধান্ত ল’ম । আমিও ঝাৰখণ্ডলৈ ২ টা প্ৰতিনিধি দল পঠিয়াম । আমিও তাত ২-৩টা বস্তু চাবলৈ যাম । ঝাৰখণ্ডৰ পৰা তেওঁলোকে ১ টা দলহে পঠাব । তেওঁলোক আমাৰ ইয়াত চাবলৈ আহিব আমি ভালে পাইছো, আমাৰ কিমান কম হৈছে দেখা পাব । কিন্তু আমিও তেওঁলোকৰ ২ টা বিশেষ বস্তু চাবলৈ যাম ।"

পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা

পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা ৰাজ্যিক পৰ্যায়ত সম্ভৱেই নহয় । মই এই সন্দৰ্ভত অতুল বৰাৰ লগত কথা পাতিছো । সমষ্টি পৰ্যায়ত হে মিত্ৰতা থাকিব ।"

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সাংগঠনিক কুচকাৱাজ, সোনকালেই হ’ব বুথ,মণ্ডল আৰু জিলা সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.