ETV Bharat / bharat

MH CM family meet PM : প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ

author img

By

Published : Jul 22, 2023, 7:26 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শনিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ পৰিয়ালে সাক্ষাৎ কৰে । মহাৰাষ্ট্ৰৰ উন্নয়ন সম্পৰ্কে আলোচনা কৰে । ৰায়গড়ৰ ভূমিস্খলন সন্দৰ্ভতো বাৰ্তালাপ ।

MH CM family meet PM
প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ

নেশ্যনেল ডেস্ক,২২ জুলাই : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে তেওঁৰ পৰিয়ালৰ সৈতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰী সিন্দেয়ে জনোৱা মতে এই সাক্ষাৎ আছিল সৌজন্যমূলক । আনহাতে সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী সিন্দেয়ে প্ৰধানমন্ত্ৰীক পূৰ্বৰ মহাৰাষ্ট্ৰ বিকাশ আঘাদী চৰকাৰৰ সময়ত স্থগিত হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ লগতে মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণৰ প্ৰভাৱৰ বিষয়েও অৱগত ।

এনচিপিৰ অজিত পাৱাৰে মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰত যোগদান কৰাৰ পাচত বিজেপি-শিৱসেনা মিত্ৰতাত কিছু অস্থিৰতাই দেখা দিয়াৰ মাজতে এনেদৰে বৈঠকত মিলিত হৈছে দুয়োগৰাকী নেতা । প্ৰধানমন্ত্ৰী মোদীয়ে সিন্দেৰ পিতৃ সম্ভাজী, পত্নী লতা, পুত্ৰ শ্ৰীকান্ত, বোৱাৰী ভুষলী আৰু নাতি ৰুদ্ৰণশৰ সৈতেও বাৰ্তালাপ কৰে ।

মুখ্যমন্ত্ৰী সিন্দেয়ে জনোৱা মতে তেওঁৰ পিতৃ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আগ্ৰহী আছিল । প্ৰধানমন্ত্ৰীৰ লোক কল্যাণ মাৰ্গৰ বাসগৃহৰ পৰা সিন্দে পৰিয়ালটো উভতি অহাৰ পাচতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে তেওঁ আনন্দিত যে তেওঁৰ পৰিয়ালৰ ইচ্ছা পূৰণ হৈছে ।

সিন্দে লগতে কয় যে বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰায়গড় জিলাৰ ভয়ংকৰ ভূমিস্খলন সম্পৰ্কে আলোচনা কৰিছে । য'ত এতিয়ালৈ ২০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । এতিয়াও ৮০ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।

ইফালে একনাথ সিন্দেৰ পুত্ৰ, কল্যাণৰ সাংসদ শ্ৰীকান্ত সিন্দেয়ে কয় যে পৰিয়ালটোৱে এই বৈঠকখনৰ কথা চিৰদিন মনত পেলাই থাকিব । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্যস্ত সময়সূচীৰ পৰা কিছু সময় উলিয়াই পৰিয়ালটোৰ সৈতে সময় অতিবাহিত কৰিছে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমষ্টি কল্যাণৰ বিষয়ে অতি আগ্ৰহেৰে সোধা-পোছা কৰিছিল বুলিও উল্লেখ কৰে ।

তেওঁ টুইটযোগে কয় যে ভাৰতক এক মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি থকা নেতাগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰা সময়টো এক সোণালী মুহূৰ্ত হৈ থাকিব । উল্লেখ্য যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেয়ে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অংশীদাৰসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈছিল ।

লগতে পঢ়ক :PM Modi slams Oppositions : বেংকৰ কেলেংকাৰীক লৈ বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.