ETV Bharat / bharat

মহাৰাষ্ট্ৰত ভয়াৱহ পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

author img

By

Published : Feb 22, 2021, 4:17 PM IST

মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰাজপথত মৃত্যুৰ কিৰিলি । বাছ আৰু আন এখন বাহনৰ সংঘৰ্ষত ৫ জন লোক থিতাতে নিহত । মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নেভাছা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ ।

মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰাজপথত মৃত্যুৰ কিৰিলি

নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী: সোমবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাত বাছ আৰু আন এখন বাহন দুৰ্ঘটনাত পতিত হয় । ভয়াৱহ দুৰ্ঘটনাত নিহত হয় বাহনখনত থকা ৫ জন লোক । আহমেদনগৰৰ দেৱগড় ফাটাত প্ৰায় ২ বজাত এই দুৰ্ঘটনা সংঘটিত হয় । নেভাছা আৰক্ষীয়ে জনোৱা মতে, ঔৰংগাবাদৰ দিশে গৈ থকা বাহনখনে আহমেদনগৰৰ অভিমুখে গৈ থকা এখন বাছত খুন্দিয়ায় ।

আনহাতে, আহমেদনগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, বাহন খনে পথত থকা ডিভাইডাৰত প্ৰথমে খুন্দিয়ায় আৰু তাৰ পিছত বিপৰীত দিশৰ পৰা আহি থকা বাছখনত সন্মুখৰ পৰা খুন্দিয়ায় । এই দুৰ্ঘটনাত বাহনখনত থকা ৫ জন যাত্ৰীয়ে মৃত্যুক আঁকোৱালি লয় ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নেভাছা গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত লোককেইজন হৈছে শান্তনু নাৰায়ণ কাকড়ে, কৈলাশ নেওৰে, বিষ্ণু চাৱন, ৰমেশ দশৰথ ঘূগে আৰু বাহন চালক নাৰায়ণ ৱাৰকড় ।

লগতে পঢ়ক:মংগল অভিযানৰ সফলতাৰ আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.