ETV Bharat / bharat

Pradeep Kurulkar updates: 29 মে’লৈ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি ডি আৰ ডি অ'ৰ সঞ্চালক কুৰুলকাৰৰ

author img

By

Published : May 16, 2023, 10:44 PM IST

ডিআৰডিঅ' পৰীক্ষাগাৰৰ সঞ্চালক তথা জ্যেষ্ঠ বিজ্ঞানী ড৹ প্ৰদীপ কুৰুলকাৰৰ ন্যায়িক জিম্মাৰ সময়সীমা ২৯ মে'লৈ বৃদ্ধি কৰা হৈছে (DRDO scientist sent in judicial custody till May 29) ৷

DRDO scientist sent in judicial custody till May 29
29 মে’লৈ ন্যায়িক জিম্মাৰ সময়সীমা বৃদ্ধি ডিআৰডিঅ'ৰ সঞ্চালক কুৰুলকাৰক

নিউজ ডেস্ক, 16 মে’: প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালক তথা জ্যেষ্ঠ বিজ্ঞানী ড৹ প্ৰদীপ কুৰুলকাৰক ন্যায়িক জিম্মাৰ সময়সীমা বৃদ্ধি কৰা হৈছে (DRDO scientist sent in judicial custody till May 29) ৷ পুনেৰ ডিআৰডিঅ' পৰীক্ষাগাৰৰ সঞ্চালক কুৰুলকাৰক মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী দল (এটিএছ)য়ে ৩ মে’ত গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰৰ শুনানিৰ সময়ত, কুৰুলকাৰে তেওঁ উচ্চ ৰক্ত চাপত ভুগি থকাৰ বাবে ঔষধ বিচাৰিছিল (Defence Research and Development Organisation) ৷ লগতে তেওঁৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ঘৰুৱা খাদ্য অনাৰ বাবেও অনুমতি বিচাৰিছিল ৷ আদালতে তেওঁক ঔষধৰ অনুমতি প্ৰদান কৰছিল যদিও তেওঁৰ ঘৰৰ পৰা খাদ্য অনাৰ বাবে অনুমতি প্ৰদান কৰা নাছিল (Investigation against DRDO director) ৷

তাৰ পিচতে আদালতে কুৰুলকাৰক পৰৱৰ্তী ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । সোমবাৰে, বিশেষ আদালতে কুৰুলকাৰ মোবাইল ফোনটো জব্দ কৰি পৰীক্ষা কৰাৰ পিচতেই মঙলবাৰলৈকে আৰক্ষীৰ জিম্মাৰ সময়সীমা বৃদ্ধি কৰিছিল । বিজ্ঞানীগৰাকী হোৱাট্ছএপ্প আৰু ভিডিঅ’ কলৰ জৰিয়তে পাকিস্তানৰ ইণ্টেলিজেঞ্চ অপাৰেটিভৰ এজন এজেণ্টৰ সৈতে যোগাযোগ কৰি আছিল বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷ এজন এটিএছ বিষয়াই যোৱা সপ্তাহত ইয়াক এক হানিট্ৰেপৰ ঘটনা বুলি অভিযোগ উত্থাপন কৰিছিল ।

গ্ৰেপ্তাৰৰ পিচত কুৰুলকাৰৰ বিৰুদ্ধে অফিচিয়েল চিক্ৰেটছ এক্টৰ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল । অভিযুক্ত কুৰুলকাৰে কূটনৈতিক পাছপোৰ্টেৰে প্ৰায় পাঁচৰ পৰা ছয়খন দেশ ভ্ৰমণ কৰিছিল ৷ তেওঁ সেই ভ্ৰমণৰ সময়ত কাক লগ পাইছিল সেই বিষয়েও আদালতক অৱগত কৰিছিল (DRDO Director honey trapped by PIO)।

উল্লেখ্য যে, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালক তথা জ্যেষ্ঠ বিজ্ঞানী ড৹ প্ৰদীপ কুৰুলকাৰে ই-মেইলযোগে পাকিস্তানী চোৰাংচোৱা সংস্থাসমূহৰ সৈতে যোগাযোগ ৰখাৰ লগতে পাকিস্তানী মহিলাসকলৰ সৈতেও সম্পৰ্ক ৰাখিছিল ৷ সেই মহিলাসকলক ব্ৰহ্মছ আৰু আগ্নেয়াস্ত্ৰ মিছাইলৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছিল প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালকগৰাকীয়ে (Kurulkar links with Pakistani intelligence group)।

লগতে পঢ়ক: DRDO Director link Pakistani intelligence : অশ্লীল ফটোৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাক ব্ৰহ্মছৰ তথ্য দিছিল ডিআৰডিঅ'ৰ সঞ্চালকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.