ETV Bharat / bharat

মধ্যপ্ৰদেশত বিজেপিৰ উত্থানৰ অখ্য়াত নায়ক শিৱৰাজ সিং চৌহান - MP Polls

প্ৰথমে আৰএছএছ আৰু তাৰ পাছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৰুত্বপূৰ্ণ দায়িত্ব লৈছিল শিৱৰাজ সিং চৌহানে । পঞ্চমবাৰৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ'বলৈ সাজু হৈছে চৌহান । তেওঁৰ নেতৃত্বত মধ্যপ্ৰদেশত বিজেপি শক্তিশালী স্থিতিত আছে ।

Shivraj Singh Chouhan
মধ্যপ্ৰদেশত বিজেপিৰ উত্থানৰ অখ্য়াত নায়ক শিৱৰাজ সিং চৌহান
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 5:47 PM IST

নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : দেশৰ ৰাজনীতিত 'মামা' নামেৰে খ্যাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান হৈছে মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ বিজয়ৰ অখ্যাত নায়ক । সহজ সৰল বুলি জনাজাত ৬৪ বছৰীয়া শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ চেহোৰ জিলাৰ বুধনি সমষ্টিৰ পৰা ১ লাখতকৈও অধিক ভোটত জয়লাভ কৰিছে । প্ৰতিষ্ঠান বিৰোধী বিতৰ্কত সোমাই পৰা মুখ্যমন্ত্ৰী চৌহানৰ বাবেই গেৰুৱা দলটোৱে গুৰুত্বপূৰ্ণ ৰাজ্যখনত পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ২৩০ জনীয়া মধ্যপ্ৰদেশ বিধানসভাৰ ১৬৬ খন আসনত বিজেপি আগবাঢ়ি আছে । শিৱৰাজ সিং চৌহানে তেওঁৰ দলটোৰ বিজয় অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আৰু নিশ্চিত কৰিছে যে তেওঁৰ বিধায়ক আৰু মন্ত্ৰীসকল তেওঁৰ প্ৰতি অনুগত হৈ আছে । তেওঁ ৰাজ্যখনৰ প্ৰতিটো কোণলৈ ভ্ৰমণ কৰিছিল আৰু নীৰৱে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল ।

যদি শিৱৰাজ পুনৰ এবাৰ মুখ্যমন্ত্ৰী হয়, তেন্তে এইটো তেওঁৰ পঞ্চম কাৰ্যকাল হ'ব । ইফালে জনসাধাৰণৰ সৈতে যোগাযোগ ৰখা শিৱৰাজে নিশ্চিত কৰিছে যে মধ্যপ্ৰদেশে 'ৰুগীয়া' টেগৰ পৰা মুক্ত হৈছে আৰু ৰাজ্যখনক উন্নয়নৰ পথত লৈ গৈছে ।

বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ১৯৭২ চনৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) স্বেচ্ছাসেৱক হৈ আছিল । তেওঁ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু ১৯৭৬-৭৭ চনত তেওঁ ভূপাল কাৰাগাৰত বন্দী হৈ আছিল । তেওঁ ১৯৭৭-৭৮ চনত বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভূপালৰ সাংগঠনিক সম্পাদক হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল আৰু ১৯৭৮-৮০ চনত ইয়াৰ সাংগঠনিক সম্পাদক হৈছিল ।

পাছত তেওঁ ১৯৮৪ চনৰ পৰা ১৯৯১ চনলৈ যুটীয়া সম্পাদক, সাধাৰণ সম্পাদক আৰু ভাৰতীয় জনতা যুৱ মৰ্চা মধ্য প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । শিৱৰাজ সিং চৌহান ১৯৯০ চনত নৱম বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯১ চনৰ ২৩ নৱেম্বৰত সদস্যপদৰ পৰা পদত্যাগ কৰে ।

তেওঁ ১৯৯১ চনত লোকসভালৈও নিৰ্বাচিত হৈছিল । তাৰ পাছত তেওঁ বিভিন্ন পদত বিজেপিক সেৱা আগবঢ়াইছে । শিৱৰাজ পুনৰ এবাৰ ১৯৯৬ চনত লোকসভালৈ নিৰ্বাচিত হয় আৰু বিভিন্ন সংসদীয় সমিতিত সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰে । তেওঁ ১৯৯৮ আৰু ১৯৯৯ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয় । ২০০৪ চনত শিৱৰাজ চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হয় ।

তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু মধ্যপ্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে । প্ৰথমবাৰৰ বাবে শিৱৰাজে ২০০৫ চনৰ ২৯ নৱেম্বৰত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

২০০৬ চনৰ ৬ মে'ত উপ-নিৰ্বাচনত তেওঁ দ্বাদশ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ২০০৬ চনৰ ১০ মে'ত তেওঁ লোকসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰে । তেওঁ ২০০৮ চনৰ ১০ ডিচেম্বৰলৈকে মুখ্যমন্ত্ৰী হৈ থাকে ।

তাৰ পাছত তেওঁ ২০০৮ চনত ত্ৰয়োদশ বিধান সভাৰ সদস্য নিৰ্বাচিত হয় আৰু ২০০৮ ৰ পৰা ২০১৩ লৈ মুখ্যমন্ত্ৰী হৈ থাকে । তাৰ পাছত তেওঁ ২০১৩ চনত বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় । ২০১৩ চনৰ পৰা ২০১৮ চনলৈ পুনৰ মুখ্যমন্ত্ৰী হয় । ২০১৮ চনত তেওঁ পুনৰ এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় আৰু কমলনাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পতনৰ পাছত তেওঁ ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে । এতিয়া পুনৰ এবাৰ তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত আছে ।

লগতে পঢ়ক :‘‘সমগ্ৰ দেশৰে নাগৰিকৰ হৃদয়ত আছে প্ৰধানমন্ত্ৰী মোদী’’: সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.