ETV Bharat / bharat

Love Jihad : প্ৰৱঞ্চনাৰে দুই ভগ্নীক যৌন নিৰ্যাতন যুৱকৰ - ঝাৰখণ্ডত পুনৰ লাভ জিহাদৰ ঘটনা

ঝাৰখণ্ডৰ চিমডেগাত লাভ জিহাদৰ এক ঘটনা পোহৰলৈ আহিছে (A case of alleged love jihad in Jharkhand)। ভুক্তভোগীয়ে চিমডেগা মহিলা আৰক্ষী থানাত দিয়া অভিযোগ অনুসৰি অভিযুক্তজনে নিজকে হিন্দু বুলি পৰিচয় দি বিয়াৰ প্ৰলোভনেৰে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাইছিল ।

Love Jihad
প্ৰৱঞ্চনাৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ
author img

By

Published : Jul 24, 2022, 3:27 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুলাই : ঝাৰখণ্ডত পুনৰ লাভ জিহাদৰ ঘটনা । ধৰ্মৰ নামত প্ৰৱঞ্চনা কৰি হিন্দু যুৱতীক যৌন নিৰ্যাতন এজন যুৱকৰ (Hindu girl sexually assaulted by youth)। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতী । এই ঘটনা ঝাৰখণ্ডৰ চিমডেগা জিলাৰ (Rape case in Jharkhand)। নাইম মিয়া নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । বিবাহৰ প্ৰলোভন দি যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কও গঢ়ি তুলিছিল । কেৱল এয়াই নহয় অভিযুক্তই প্ৰেমিকাৰ নাবালক ভনীয়েককো ধৰ্ষণ কৰিছিল (Man raped her girlfriends minor sister) আৰু ভিডিঅ' বনাই দুয়োগৰাকী ভগ্নীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল ।

মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে নাইম মিয়া থেথাইটাংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাত্ৰামেটা গাঁৱৰ বাসিন্দা । মিয়াই নাম সলনি কৰি এজন হিন্দু যুৱকৰ নাম লৈ যোৱা পাঁচ বছৰ ধৰি তেওঁৰ প্ৰেমিকাৰ সৈতে লিভ-ইন ৰিলেচনত আছিল আৰু বিবাহৰ প্ৰলোভন দি প্ৰেমিকাক যৌন উৎপীড়ন কৰি আছিল । যেতিয়া যুৱতীগৰাকী গৰ্ভৱতী হৈছিল, যুৱকজনে বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁৰ প্ৰকৃত পৰিচয় দিছিল ।

সমগ্ৰ ঘটনাৰ বিষয়ে বিজেপিৰ জিলা সভাপতি লক্ষ্মণ বাদইকে জানিব পাৰিছিল । লগে লগে, ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলক তেওঁ সাক্ষাৎ কৰে আৰু যুৱতীগৰাকীক মহিলা আৰক্ষী থানালৈ লৈ আহে । লগতে যুৱকজনৰ বিৰুদ্ধে অভিযোগো দাখিল কৰে ।

এই সন্দৰ্ভত, মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে আৰক্ষীয়ে অভিযুক্তজনক আটক কৰাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰিছে । ইফালে এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে জিলাখনত । লাভ জিহাদৰ বলি হোৱা যুৱতীগৰাকী লগতে পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছে বিভিন্ন সংগঠনে ।

লগতে পঢ়ক :Gang rape at New Delhi Railway Station : নতুন দিল্লী ৰে'ল ষ্টেচনত দলবদ্ধ ধৰ্ষণ; চাৰি ৰে'ল কৰ্মচাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.