নেশ্যনেল ডেস্ক, 3 নৱেম্বৰ: ৰাজস্থান বিধানসভাই সোমবাৰে কেন্দ্ৰৰ তিনিওখন কৃষি আইনৰ বিৰুদ্ধে এখন সংশোধন গৃহীত কৰে ৷
বিধানসভাত হোৱা এক দীঘলীয়া আলোচনাৰ পাচত কৃষকৰ মূল্যৰ আশ্বাস আৰু কৃষি পৰিসেৱা সম্বন্ধীয় চুক্তি 2020, কৃষি উৎপাদন বেপাৰ আৰু বাণিজ্যত ৰাজস্থান সংশোধনী বিধেয়ক 2020 আৰু আত্যাৱশ্যকীয় সামগ্ৰী বিধেয়ক 2020 ক ৰাজস্থান বিধানসভাই গৃহীত কৰে ৷ অৱশ্যে ৰাজ্যপালৰ অনুমতিৰ পাচতহে এইসমূহ আইনলৈ পৰিৱৰ্তন হ'ব ৷
বিধেয়ক কেইখন গৃহীত কৰাৰ পূৰ্বে বিজেপিয়ে আন্দোলনটোৰ বিৰোধিতা কৰিছিল ৷ এই সন্দৰ্ভত চলা আলোচনাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী শান্তি ধাৰিৱালে কয় যে, কেন্দ্ৰৰ এই আইন কেইখনক লৈ সমগ্ৰ দেশতে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ চৰকাৰে এই আইন বাতিল কৰিব লাগে ৷
লগতে পঢ়ক: ভিয়েনাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, 2জন নিহত 15জন আহত