নেশ্যনেল ডেস্ক, 28 আগষ্ট: মানৱতাবাদী কবি জয়ন্ত মহাপাত্ৰৰ দেওবাৰে ওড়িশাৰ কটকৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে । নিউমোনিয়া আৰু অন্যান্য বাৰ্ধক্যজনিত ৰোগৰ চিকিৎসাৰ বাবে এছচিবি মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে প্ৰগতিশীল কবিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ পূৰ্বে পত্নী আৰু পুত্ৰৰ মৃত্যু হৈছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 95 বছৰ ৷
1928 চনৰ 22 অক্টোবৰত কটকত জন্মগ্ৰহণ কৰা মহাপাত্ৰ ইংৰাজী কবিতাৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কবি । 2009 চনত তেওঁক পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হৈছিল যদিও ভাৰতত বৃদ্ধি পোৱা অসহিষ্ণুতাৰ প্ৰতিবাদত 2015 চনত তেওঁ সেই বঁটা ঘূৰাই দিছিল ।
আধুনিক ভাৰতীয় ইংৰাজী সাহিত্যত ক্লাছিক হিচাপে বিবেচিত ইণ্ডিয়ান ছামাৰ’ আৰু হাংগাৰ’ৰ লেখক মহাপাত্ৰই 27 খন কাব্যগ্ৰন্থ ৰচনাৰে মহীয়ান কৰি থৈ গৈছে ভাৰতীয় কাব্য সাহিত্য ৷ ইয়াৰে সাতখন ওডিয়া ভাষাত আৰু বাকীকেইখন ইংৰাজীত ৰটনা কৰিছিল । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে মহাপাত্ৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁক ইংৰাজী আৰু ওড়িয়া উভয় সাহিত্যত অগাধ দখল থকা বুলি অভিহিত কৰে ।
'হাংগাৰ' শীৰ্ষক কবিতাটি সদ্যপ্ৰয়াত কবিগৰাকীৰ এক অনবদ্য কবিতা হিচাপে স্বীকৃত ৷ আনকি দলিত-আৰ্তজনৰ ৰুঢ় বাস্তৱৰ প্ৰতিচ্ছবি দাঙি ধৰা কবিগৰাকীৰ এই কবিতাটি অন্তৰ্ভুক্ত হৈছে ইংৰাজী সাহিত্যৰ মেজৰ পাঠ্যক্ৰমত ৷ তেওঁ ওড়িয়া সাহিত্যৰ প্ৰসাৰক এক বহল বৃত্তলৈ সফলতাৰে উন্নীত কৰিছিল। তেওঁৰ বুদ্ধিমত্তা আৰু জ্ঞান বহু যুৱক-যুৱতীক ইংৰাজী সাহিত্যত লিখিবলৈ এক পথ প্ৰদৰ্শক মনোভাৱ আছিল ।
প্ৰয়াত মহাপাত্ৰৰ কবিতাত প্ৰাধান্য লাভ কৰিছিল বাস্তৱ ঘটনাৱলীয়ে ৷ যাৰ বাবে জনতাৰ কবি হিচাপে সমাদৃত হৈছিল পদ্মশ্ৰী বঁটা প্ৰাপক কবিগৰাকী । জন্মস্থান কটকৰ তথা ওড়িয়া শ্ৰেণীৰ চহা জীৱন যাত্ৰাৰ প্ৰতিফলন ঘটিছিল তেওঁৰ শক্তিশালী কলমেৰে ৷
জনতাৰ কবিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া 28 আগষ্ট সোমবাৰে সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী পাটনায়কে ঘোষণা কৰে ।মন্ত্ৰীগৰাকীয়ে বিদেহী আত্মাৰ সদ্গতি কামনা কৰে । কবিগৰাকীৰ মৃত্যুত সমগ্ৰ ভাৰতীয় ম্ৰিয়মান হৈ পৰাৰ লগতে মানৱ দৰদী কবিগৰাকীৰ সান্নিধ্য সুঁৱৰি শোক প্ৰকাশ কৰিছে অসমৰ কবি সমাজেও ৷
লগতে পঢ়ক: Ananta Kalita passes away: অসংখ্য গুণমুগ্ধক কন্দুৱাই অজান পথেৰে গ’ল গৈ নিবন্ধকাৰ অনন্ত কলিতা