আমি যেতিয়াই আমাৰ জীৱনত সফল হৈ পৰো তেতিয়াই আমি নিশ্চিতভাৱে পিছলৈ ঘূৰি চাওঁ আৰু সেই সকলো মানুহক ধন্যবাদ জ্ঞাপন কৰো যিসকল লোকে আমাৰ ভৱিষ্যতৰ বাবে বহু কাম কৰিছে আৰু সদায় আমাক এক নতুন শিক্ষা প্ৰদান কৰিছে (Learn about some of the greatest teachers of all time) ।
সেই সকলো মানুহৰ মাজত শিক্ষকৰ স্থান সদায়ে প্ৰথম । সেইবাবেই আমি প্ৰত্যেক বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ এই বিশেষ দিনটোত আমি আমাৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবলৈ চেষ্টা কৰোঁ । এই শিক্ষক দিৱসত আহক আমি ইতিহাসৰ পাতনি ওলোটাই সৰ্বকালৰ শ্ৰেষ্ঠ শিক্ষক সকলৰ বিষয়ে জানো, যাৰ চিন্তাধাৰাই আমাক সকলো সময়তে অনুপ্ৰাণিত কৰে ।
- ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ
শিক্ষকৰ কথা আহিলে আৰু ডাঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ নাম নাহিলে কেনেকৈ হ'ব । ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল আৰু তেখেতৰ এই জন্মদিনটোক ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয় । তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ শিক্ষক আছিল ।
- সাবিত্ৰীবাই ফুলে
ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী বুলি কোৱা সাবিত্ৰীবাই ফুলেৰ জন্ম হৈছিল ১৮৩১ চনৰ ৩ জানুৱাৰীত । এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, শিক্ষাবিদ আৰু কবি যিয়ে স্বামীৰ সৈতে ভাৰতত নাৰীৰ অধিকাৰ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁক ভাৰতীয় নাৰীবাদৰ মাতৃ বুলিও গণ্য কৰা হয় ।

- ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হৈছিল ১৮২০ চনৰ ২৬ ছেপ্টেম্বৰত । ১৯ শতিকাৰ এজন ভাৰতীয় শিক্ষক আৰু সমাজ সংস্কাৰক আছিল । বিশেষকৈ বাংলা গদ্যক সৰল আৰু আধুনিকীকৰণৰ বাবে তেওঁৰ প্ৰচেষ্টা তাৎপৰ্যপূৰ্ণ আছিল। ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰেও বাংলা বৰ্ণমালা আৰু টাইপক যুক্তিসংগত আৰু সৰল কৰি তুলিছিল। তেওঁক ‘বাংলা গদ্যৰ পিতৃ’ হিচাপেও গণ্য কৰা হয়।

- ড৹ এ.পি.জে. আব্দুল কালাম
ড৹ এ পি জে আব্দুল কালাম কেৱল এজন মহান ৰাষ্ট্ৰপতি নহয়, তেওঁ শিক্ষক হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ১৯৩১ চনৰ ১৫ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল । ডাঃ কালাম এগৰাকী ভাৰতীয় এৰোস্পেচ বিজ্ঞানী আছিল। আই আই টি, আই আই এম, বি এইচ ইউ আদি বিভিন্ন মহাবিদ্যালয়ত অধ্যাপনা কৰিছে ।

- স্বামী বিবেকানন্দ
স্বামী বিবেকানন্দৰ জন্ম হৈছিল ১৮৬৩ চনৰ ১২ জানুৱাৰীত নৰেন্দ্ৰ নাথ দত্ত নামেৰে । তেওঁ এজন ভাৰতীয় হিন্দু সন্ন্যাসী আছিল আৰু তেওঁ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল । দেশত গুৰুকুল ব্যৱস্থাৰ প্ৰচাৰৰ কৃতিত্ব স্বামী বিবেকানন্দৰ ওচৰতো । গুৰুকুলত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী একেলগে বসবাস কৰিছিল ।
লগতে পঢ়ক : আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন