নেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী : কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুত (Legendary singer Lata Mangeshkar passes away) শোকস্তব্ধ দেশবাসী । বিভিন্ন জনে বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটযোগে শোক প্ৰকাশ কৰে ।
শিল্পীগৰাকীৰ ফটো এখন শ্বেয়াৰ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গায়িকাগৰাকীৰ মৃত্যুৱে তেওঁক মৰ্মাহত কৰিছে (President condoles the death of Lata Mangeshkar ) । তেওঁৰ মতে শিল্পীগৰাকীৰ অৱদান চিৰদিন অতুলনীয় হৈ থাকিব । শিল্পীগৰাকীৰ পৰিয়াল লগতে গুণমুগ্ধসকলৰ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।
ইফালে প্ৰধানমন্ত্ৰী মোডীয়েও মংগেশকাৰৰ এখন ফটোও শ্বেয়াৰ কৰি কয় যে তেওঁৰ স্থান কোনেও পূৰণ কৰিব নোৱাৰে । তেওঁৰ মতে ভৱিষ্যৎ প্ৰজন্মই শিল্পীগৰাকীক ভাৰতীয় সংস্কৃতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপে স্মৰণ কৰিব । প্ৰধানমন্ত্ৰীৰ মতে মানুহক মন্ত্ৰমুগ্ধ কৰাৰ এক অতুলনীয় ক্ষমতা আছিল শিল্পীগৰাকীৰ কণ্ঠত । প্ৰধানমন্ত্ৰী মোডীৰ মতে কোকিলকণ্ঠী গায়িকাগৰাকীয়ে ভাৰতৰ উন্নয়ন বিচাৰিছিল আৰু ভাৰতৰ এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে চাব বিচাৰিছিল ।
উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও টুইট যোগে শোক প্ৰকাশ কৰি কয় যে মংগেশকাৰৰ মৃত্যুত তেওঁ অত্যন্ত দুখিত । তেওঁ লগতে কয় যে বহু দশক ধৰি ভাৰত আৰু সমগ্ৰ বিশ্বৰ সংগীত প্ৰেমীসকলক তেওঁৰ উদাত্ত কণ্ঠেই আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।
ইফালে মৃত্যুৰ খবৰ পোৱাৰ পাছে পুৱাই দক্ষিণ মুম্বাইৰ ব্ৰীজ কেণ্ডি চিকিৎসালয়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী । মন্ত্ৰীগৰাকীয়ে কয় যে লতা মংগেশকাৰ দেশৰ গৌৰৱ । সংগীতৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাৰতক উচ্চ শিখৰলৈ লৈ গৈছে ।
চলচ্চিত্ৰ উদ্যোগৰ অভিনেতা ধৰ্মেন্দ্ৰ, অমিতাভ বচ্চন, শাবানা আজমী, চলমান খান, মাধুৰী দীক্ষিত নেনে, অক্ষয় কুমাৰ, অজয় দেৱগন আৰু চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতাই গায়কগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে সকলো তাৰকাই টুইটযোগে শোক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈছে ।
লগতে পঢ়ক :কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই