নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : ভাৰতত ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত স্বাস্থ্য কৰ্মীসকলৰ ওপৰত লেঞ্চেট ইনফেকচিয়াছ ডিজিছ শীৰ্ষক এক অধ্যয়ন কৰা হৈছিল । প্ৰতিষেধক প্ৰদান কৰা লোকসকলৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল । গৱেষকসকলে ৰোগৰ লক্ষণ থকা ৰোগীসকলৰ ক্ষেত্ৰত প্ৰতিষেধকৰ প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰিছিল ।
অধ্যয়নটো ১৫ এপ্ৰিলৰ পৰা ১৫ মে'লৈ দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চৰ (AIIMS) ২,৭১৪ গৰাকী স্বাস্থ্য কৰ্মীৰ ওপৰত কৰা হৈছিল ৷ যিসকলৰ দেহত লক্ষণ আছিল আৰু ক'ভিডৰ RT-PCR পৰীক্ষা কৰাইছিল । অধ্যয়নটোৰ মতে ২৭১৪ গৰাকীৰ ভিতৰত ১,৬১৭ গৰাকীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল আৰু ১,০৯৭ গৰাকী নিগেটিভ পোৱা গৈছিল ।
ক'ভেক্সিন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে Lancet Infectious Diseases ত প্ৰকাশিত অধ্যয়নটোৰ বাবে এইমছৰ গৱেষকসকলক প্ৰশংসা কৰিছে । কোম্পানীটোৱে কয় যে এই ফলাফলবোৰে প্ৰমাণ কৰে যে ক'ভেক্সিন প্ৰকৃততে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰী । অধ্যয়নটোত দেখা গৈছে যে লক্ষণ থকা ক'ভিড ৰোগীৰ বিৰুদ্ধে প্ৰতিষেধকৰ দুটা পালি ৫০ শতাংশ কাৰ্যকৰী ।
ভাৰত বায়’টেকে লগতে কয় যে ক'ভিডৰ মাৰাত্মক ডেল্টা প্ৰকাৰৰ প্ৰভাৱ অব্যাহত থকাৰ সময়ত চিকিৎসালয়ৰ পৰিৱেশত চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে ক'ভেক্সিনে কাৰ্যকৰীভাৱে ৫০ শতাংশ সুৰক্ষা প্ৰদান কৰে । কোম্পানীটোৱে লগতে কয় যে অধ্যয়নটোৰ এই ফলাফলবোৰ জনসাধাৰণৰ মাজত প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ সময়ত লাভ কৰা ডেল্টা প্ৰকাৰৰ বিপৰীতে পোৱা ৬৫.২ শতাংশ কাৰ্যকৰী ক্ষমতাৰ সৈতে সঠিকভাৱে তুলনা কৰিব পৰা যায় । অধ্যয়নটোৱে লগতে এইটোও স্পষ্ট কৰে যে ক'ভেক্সিনে বিপদজনক ডেল্টা প্ৰকাৰৰ বিপৰীতে থাকিবলগীয়া বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকাৰিতাৰ চৰ্তসমূহো পূৰণ কৰে ।
দ্বিতীয় পালি প্ৰয়োগ আৰু নমুনা পৰীক্ষাৰ দিনৰ মাজত অতিকমেও ১৪ দিনৰ ব্যৱধান থাকিলে প্ৰতিষেধকৰ কাৰ্যকৰিতা ৫৩ শতাংশ আছিল । সমন্বয়ৰ পাছত, কাৰ্যকাৰিতা ৫০ শতাংশ হ'ব বুলি অনুমান কৰা হৈছিল । পৰীক্ষাৰ কমেও ২৮ দিন পূৰ্বে প্ৰদান কৰা দুটা পালিৰ কাৰ্যকাৰিতা আছিল ৪৬ শতাংশ আৰু পৰীক্ষাৰ কমেও ৪২ দিন পূৰ্বে প্ৰয়োগ কৰা প্ৰতিষেধকৰ কাৰ্যকাৰিতা ৫৭ শতাংশ পোৱা গৈছে ।
উল্লেখ্য যে, এই বছৰৰ জানুৱাৰীত, ১৮ বছৰ বা তাৰ উৰ্ধৰ বয়সৰ লোকৰ বাবে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ক'ভাক্সিনে অনুমোদন লাভ কৰিছিল ।
লগতে পঢ়ক : অৱশেষত ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়াৰ