ETV Bharat / bharat

INDIA Alliance Meeting : বিৰোধী বৈঠকৰ পূৰ্বে সিদ্ধি বিনায়কৰ মন্দিৰত উপস্থিত লালু প্ৰসাদ যাদৱ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 5:57 PM IST

বিৰোধী বৈঠকৰ বাবে মুম্বাইত উপস্থিত লালু প্ৰসাদ যাদৱ । বৈঠকৰ পূৰ্বে সিদ্ধি বিনায়কৰ মন্দিৰ দৰ্শন কৰে লালু প্ৰসাদ যাদৱে ।চিলিণ্ডাৰৰ মূল্য হ্ৰাস বিজেপিৰ নিৰ্বাচনী ষ্টাণ্ট ।

INDIA Alliance Meeting
বিৰোধী বৈঠকৰ পূৰ্বে সিদ্ধি বিনায়কৰ মন্দিৰত উপস্থিত লালু প্ৰসাদ যাদৱ

নেশ্যনেল ডেস্ক,৩১ আগষ্ট : মুম্বাইত অনুষ্ঠিত হৈছে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত বিৰোধী দলসমূহৰ মুখ্যমন্ত্ৰীকে ধৰি জ্যেষ্ঠ নেতাসকল উপস্থিত হৈছে । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱো বৈঠকৰ বাবে মুম্বাইত উপস্থিত হৈছে । বৈঠকলৈ যোৱাৰ পূৰ্বে তেওঁ বিখ্যাত সিদ্ধি বিনায়কৰ মন্দিৰত উপস্থিত হয় আৰু ভগৱানৰ আশীষ লয় । লালু প্ৰসাদৰ সৈতে কন্যা মিছা ভাৰতীও সিদ্ধি বিনায়ক মন্দিৰত উপস্থিত থাকে ।

সংবাদমাধ্যমৰ সন্মুখত লালু প্ৰসাদ যাদৱে বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁৰ মতে বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী যিয়েই নহওঁক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ জনসাধাৰণৰ প্ৰতি শ্ৰেষ্ঠ, সত্যবাদী, সৎ আৰু অনুগত হ'ব । গোদী মিডিয়া আৰু বিজেপিৰ লোকসকলে চিন্তা কৰিব নালাগে বুলিও তেওঁ উল্লেখ কৰে ।

তেজস্বী যাদৱে এলপিজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা সন্দৰ্ভত কয় যে ই এক নিৰ্বাচনী ষ্টান্ট । তেওঁ প্ৰশ্ন কৰে যদি কোনোৱে আপোনাৰ পকেটৰ পৰা ৫,০০০ টকা উলিয়াই ২০০ টকা ঘূৰাই দিয়ে সেয়া লাভ কৰিছে নে হেৰুৱাইছে ? আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে এনে কৰিছে বুলি দেশৰ ৰাইজে জানে বুলিও তেওঁ দাবী কৰে ।

সন্ধিয়া মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হ'ব । মন্দিৰ দৰ্শনৰ পাছত লালু প্ৰসাদ যাদৱ সভাত উপস্থিত হ'ব । বিৰোধী দলবোৰে লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে বিজেপিৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিব । একে সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে নৈশ ভোজৰ আয়োজন কৰিছে, য'ত বিৰোধী নেতাসকল উপস্থিত থাকিব । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো মুম্বাইৰ বৈঠকত উপস্থিত থাকিব ।

লগতে পঢ়ক :BJP lead Mahayuti meeting : INDIA ক দেখি উঠিল গা ! একেটা দিনতে মুম্বাইত NDA মহাজোঁটৰো বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.