ETV Bharat / bharat

Himachal Pradesh famous Kullu Dussehra: হিমাচল প্ৰদেশৰ বিখ্যাত কুল্লু দশেৰা পাৰ্লিয়ামেণ্ট হিল অৱ্ কানাডাত উদযাপন - Kullu Dussehra festival

ভাৰত আৰু কানাডাৰ সম্পৰ্ক বৰ্তমান সময়ত অতি জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈ আছে । দুয়োখন দেশৰ সম্পৰ্কৰ মাজত এক তীব্ৰ উত্তেজনা আছে । এই পৰিস্থিতৰ মাজতে পাৰ্লিয়ামেণ্ট হিল অৱ্ কানাডাত হিমাচল প্ৰদেশৰ বিখ্যাত কুল্লু দশেৰা উদযাপন কৰা হয় । সবিশেষ আগলৈ-

Himachal Pradesh famous Kullu Dussehra
কুল্লু দশেৰা পাৰ্লিয়ামেণ্ট হিল কানাডাত উদযাপন
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:18 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : ভাৰত আৰু কানাডাৰ মাজত তিক্ত কূটনৈতিক সম্পৰ্ক চলি থকা স্বত্বেও, প্ৰবাসী ভাৰতীয়সকলে কানাডাৰ পাৰ্লিয়ামেণ্ট হিলত প্ৰথমবাৰৰ বাবে হিমাচল প্ৰদেশৰ বিখ্যাত কুল্লু দশেৰা উদযাপন কৰে । অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় চিহ্নিত কৰিবলৈ এই উৎসৱটো কানাডাৰ সাংসদ চন্দ্ৰ আৰ্যই আয়োজন কৰিছিল ৷ এই অনুষ্ঠানটোলৈ সহযোগিতা আগবঢ়াইছিল হিমাচল প্ৰদেশৰ পৰা অহা প্ৰবাসী হিমাচলী প্ৰবাসী গ্ল’বেল এছ’চিয়েশ্যন (এইচ পি জি এ)য়ে ।

এইচ পি জি এৰ অন্যতম পৰিচালনা সমিতিৰ সদস্য ভাগ্য চন্দৰে অট’ৱাৰ পৰা ফোনযোগে আই এন এছক জনোৱা মতে, দেওবাৰে হিমাচলৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ চুখুৱে আন উপস্থিতসকলৰ সৈতে কানাডাত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে । ভাষণৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিনিয়োগকাৰী আৰু ব্যক্তিক ব্যৱসায় আৰু পৰ্যটনৰ বাবে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায় । কানাডাত থকা ভাৰতৰ উচ্চায়ুক্ত সঞ্জয় ভাৰ্মা আৰু ২৫ টা ভাৰতীয়-কানাডিয়ান প্ৰব্ৰজনকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী সংস্থাৰ সদস্যসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ৷

এইচপিজিএ ৰ সদস্যসকলে এটা সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে য’ত হিমাচলী নাটি অন্তৰ্ভুক্ত আছিল । এই অনুষ্ঠানত ৰামায়ণৰ পৰম্পৰাগত প্ৰদৰ্শন ৰামলীলা মঞ্চস্থ কৰা হৈছিল । উৎসৱৰ প্ৰধান দেৱতা ভগৱান ৰঘুনাথক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে দেৱতাসকলৰ মূৰ্তি কঢ়িয়াই অনা সুসজ্জিত এখন ৰঙীণ পাল্কী প্ৰদৰ্শন কৰা হৈছিল । দুপৰীয়াৰ আহাৰৰ সময়ত দৰ্শকসকলক 'ধাম' পৰিৱেশন কৰা হৈছিল । 'ধাম' হৈছে বিবাহ বা যিকোনো ধৰ্মীয় দিন উপলক্ষে হিমাচলী সংস্কৃতিত পৰিৱেশন কৰা এক মধ্যাহ্ন ভোজন । 'ধাম'ত ভাত আৰু মগু দাইল পৰিৱেশন কৰা হয় ।

এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে সাংসদ আৰ্য্যক ধন্যবাদ জ্ঞাপন কৰে হিমাচল মূলৰ ভাগ্য চন্দ্ৰ, অৰুণ চৌহান, আশুতোষ কালিয়া আৰু বিবেক নাজ্জাৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে, হিমাচলত, বিশ্ববিখ্যাত কুল্লু দশেৰা উৎসৱ সপ্তদশ শতিকাত আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয় ৷ সেই সময়ত শাসক ৰজা জগত সিঙে অভিশাপ আঁতৰাবলৈ আৰু বিজয়াৰ ওপৰত তেওঁৰ আশীৰ্বাদ ল’বলৈ কুল্লু মন্দিৰত ভগৱান ৰঘুনাথৰ মূৰ্তি স্থাপন কৰিছিল ।

লগতে পঢ়ক : Vijayadashami 2023 :ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক গুইজান ঘাটত বিসৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.