ETV Bharat / bharat

Kuki MLAs Demand in Manipur : মণিপুৰত পৃথক প্ৰশাসনৰ দাবী কুকি বিধায়কৰ

author img

By

Published : May 14, 2023, 9:17 AM IST

"মণিপুৰৰ অধীনত আমাৰ লোকসকল আৰু থাকিব নোৱাৰে । কিয়নো আমাৰ জনজাতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা ইমান তীব্ৰতাত উপনীত হৈছে যে বিধায়ক, মন্ত্ৰী, যাজক, আৰক্ষী আৰু অসামৰিক বিষয়া, সাধাৰণ লোক, মহিলা আৰু আনকি শিশুসকলকো ৰেহাই দিয়া হোৱা নাছিল ।" মণিপুৰত পৃথক প্ৰশাসনৰ দাবী কৰি ১০ কুকি বিধায়কে এক বিবৃতিত এই কথা কয় (Kuki MLAs demand separate administration) ।

Kuki MLAs Demand in Manipur
Kuki MLAs Demand in Manipur

নিউজ ডেস্ক, ১৪ মে' : মণিপুৰৰ কুকি সম্প্ৰদায়ৰ ১০ জন বিধায়কৰ আটাইকেইজনে ৰাজ্যখনত পৃথক প্ৰশাসনৰ দাবী জনাইছে । উল্লেখ্য, এই ১০ জন বিধায়কৰ ভিতৰত দুজন হৈছে বীৰেণ সিং চৰকাৰৰ মন্ত্ৰী (Biren Singh Govt Manipur) । শুকুৰবাৰে পৃথক প্ৰশাসনৰ দাবী বিধায়ককেইগৰাকীয়ে কয় মণিপুৰ ৰাজ্যই চিন-কুকি-জেমী জনজাতীয় লোকসকলক সুৰক্ষা দিয়াত শোচনীয়ভাৱে ব্যৰ্থ হৈছে (Kuki MLAs demand separate administration) ।

উল্লেখ্য, ৩ মে'ত সংঘটিত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ কেইদিনমান পিছতে বিধায়ককেইগৰাকীয়ে এই দাবী উত্থাপন কৰে । এই সংঘৰ্ষত ৰাজ্যখনত ৭০ জনৰো অধিক লোকৰ মৃত্যু হয় (70 killed in Manipur violence) । এক বিবৃতিত বিধায়ককেইগৰাকীয়ে কয় যে এই সংঘৰ্ষৰ পিছত মেইটেইসকলৰ মাজত বাস কৰাটো আমাৰ লোকসকলৰ বাবে মৃত্যুৰ দৰে (Kuki MLAs claim Manipur failed to protect) ।

বিবৃতিটোত স্বাক্ষৰ কৰাসকলৰ ভিতৰত বিজেপি বিধায়ক ভুঞ্জাগিন ভালটেও আছে । উল্লেখ্য, তেওঁ ৪ মে'ত ইম্ফলত তেওঁৰ বাহনত হোৱা আক্ৰমণৰ পিছত গুৰুতৰভাৱে আহত হৈছিল (BJP MLA Vunzagin Valte attacked in Manipur) । চিকিৎসাৰ বাবে তেওঁক বিমানেৰে দিল্লীলৈ লৈ যাবলগা হৈছিল । স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে বিজেপিৰ মন্ত্ৰী লেটপাও হাওকিপ আৰু নেমচা কিপগেন । আন স্বাক্ষৰকাৰীসকল হৈছে বিজেপিৰ হাওখোলেট কিপগেন, এলএম খাউট, এনগুৰচাংলুৰ চানেট, লেটজামানগ হাওকিপ আৰু পাওলিয়েনলাল হাওকিপ; আৰু কুকি পিপ'লছ এলায়েন্সৰ কিম্নিও হাওকিপ হেংছিং আৰু চিনলুনথাং হাওকিপ । তেওঁলোকে যোৱা বছৰৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ বাবে বিজেপিক সমৰ্থন আগবঢ়াইছিল (Manipur violence) ।

উল্লেখ্য যে 60 খন আসনৰ মণিপুৰ বিধানসভাত এই বিধায়কসকলৰ শক্তি এক-ষষ্ঠাংশ । আনহাতে, যিহেতু 20 খন আসন পাহাৰীয়া অঞ্চলৰ আৰু ই হৈছে ৰাজ্যখনৰ ভৌগোলিক এলেকাৰ প্ৰায় 90%, সেয়ে তেওঁলোকে ৰাজ্যখনৰ জনজাতীয় বিধায়কসকলৰ অৰ্ধেক সংখ্যাক প্ৰতিনিধিত্ব কৰে ।

"মণিপুৰৰ অধীনত আমাৰ লোকসকল আৰু থাকিব নোৱাৰে । কিয়নো আমাৰ জনজাতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা ইমান তীব্ৰতাত উপনীত হৈছে যে বিধায়ক, মন্ত্ৰী, যাজক, আৰক্ষী আৰু অসামৰিক বিষয়া, সাধাৰণ লোক, মহিলা আৰু আনকি শিশুসকলকো ৰেহাই দিয়া হোৱা নাছিল । উপাসনাস্থলী, ঘৰ আৰু সম্পত্তি ধ্বংস হোৱাৰ কথা উল্লেখ নকৰিলোঁৱেই যেনিবা । মেইটেইসকলৰ মাজত পুনৰ জীয়াই থকাটো আমাৰ লোকসকলৰ বাবে মৃত্যুৰ দৰেই ভাল ।" বিধায়কসকলে বিবৃতিটোত কয় ।

লগতে দাবী কৰে যে তেওঁলোকে তেওঁলোকৰ জনসাধাৰণৰ আৱেগক প্ৰতিনিধিত্ব কৰিছে । আনহাতে, 'মণিপুৰ ৰাজ্যৰ পৰা পৃথকীকৰণ'ৰ তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষাক সমৰ্থন কৰি কয়, "যিহেতু মণিপুৰ ৰাজ্যই আমাক সুৰক্ষা দিয়াত শোচনীয়ভাৱে ব্যৰ্থ হৈছে, আমি ভাৰতৰ সংবিধানৰ অধীনত এক পৃথক প্ৰশাসন আৰু মণিপুৰ ৰাজ্যৰ সৈতে চুবুৰীয়া হিচাপে শান্তিপূৰ্ণভাৱে বাস কৰিবলৈ ভাৰত ৰাষ্ট্ৰৰ পৰা বিচাৰোঁ (Kuki MLA demand seperate administration in Manipur) ।"

উল্লেখ্য, তেওঁলোকে দাবী কৰা পৃথক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে সোধা প্ৰশ্নত মন্ত্ৰী লিটপাও হাওকিপে কয়, 'এইটো ভাৰত ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰে', সেয়া পৃথক ৰাজ্য হ'ব নে কেন্দ্ৰীয়শাসিত অঞ্চল হ'ব । এগৰাকী বিধায়কে কয় যে তেওঁলোকে পৰিকল্পনা কৰি থকা পৰৱৰ্তী পদক্ষেপটো হৈছে ১৬ মে'ত মিজোৰামত তেওঁলোকৰ সমষ্টিৰ সম্প্ৰদায়ৰ নেতা আৰু নাগৰিক সমাজৰ সংগঠনৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব, যাতে তেওঁলোকক এই দাবী প্ৰক্ৰিয়ালৈ আকৰ্ষিত কৰিব পাৰি ।

আনহাতে, ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে শুকুৰবাৰে কয় যে সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত মৃত্যুৰ সংখ্যা ৭১-লৈ বৃদ্ধি পাইছে । এটা খাদৰ ভিতৰত এখন বাহনৰ পৰা আৰু তিনিটা মৃতদেহ উদ্ধাৰ হৈছে । তেওঁ কয় যে এই মৃত্যুবোৰৰ ৪০ শতাংশই সংঘৰ্ষৰ ফল হিচাপে প্ৰমাণিত হৈছে ।

ইফালে বৃহস্পতিবাৰে বিষ্ণুপুৰ জিলাৰ টৰবুং বাংলাত তিনিজন মেইটেই গাঁওবাসীক অপহৰণ কৰা হয় । সিঙে কয় যে তেওঁলোকক উদ্ধাৰ কৰিবলৈ এক অভিযান চলি আছে । তেওঁ এইটোও কয় যে হিংসাত্মক ঘটনাৰ পিছত ম্যানমাৰলৈ পলাই যোৱা প্ৰায় ৩০০ লোকক ঘূৰাই অনাৰ প্ৰচেষ্টা চলি আছে ।

লগতে পঢ়ক :Assam Meghalaya Border Conflict: অসম-মেঘালয় সীমান্তৰ শেহতীয়া পৰিস্থিতিকলৈ ডিফুত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.