ETV Bharat / bharat

Senthil Balaji Arrest Issue: চেন্থিল বালাজীক গ্ৰেপ্তাৰ ৰাজনৈতিক উৎপীড়ন আখ্যা খাৰ্গেৰ

author img

By

Published : Jun 14, 2023, 1:28 PM IST

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তামিলনাডুৰ মন্ত্ৰী চেন্থিল বালাজীক গ্ৰেপ্তাৰ কৰাৰ বাবে কেন্দ্ৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । তেওঁ ইয়াক ৰাজনৈতিক নিৰ্যাতন আৰু প্ৰতিহিংসা বুলি অভিহিত কৰিছে ।

Senthil Balaji Arrest Issue
Senthil Balaji Arrest Issue

নিউজ ডেস্ক, ১৪ জুন : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বুধবাৰে তামিলনাডুৰ বিদ্যুৎ মন্ত্ৰী চেন্থিল বালাজীক প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক 'ৰাজনৈতিক হাৰাশাস্তি আৰু প্ৰতিহিংসা' বুলি অভিহিত কৰিছে । আনহাতে, এই গ্ৰেপ্তাৰ কাৰ্যৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে । খাৰ্গেয়ে লগতে কয় যে বিৰোধী দলসমূহক এনে নিৰ্লজ্জ পদক্ষেপৰ জৰিয়তে ভয় খুৱাব নোৱাৰিব ।

"এইটো মোদী চৰকাৰৰ দ্বাৰা তেওঁলোকৰ কাৰ্যৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে ৰাজনৈতিক নিৰ্যাতন আৰু প্ৰতিহিংসাৰ বাহিৰে আন একো নহয় । এনে নিৰ্লজ্জ পদক্ষেপৰ জৰিয়তে আমাৰ বিৰোধী দলৰ কাকো ভয় খুৱাব নোৱাৰে ।" কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত জাৰি কৰা এক বিবৃতিত খাৰ্গেয়ে এনেদৰে কয় ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰ শান্তি সমিতিত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ মেইটেই গোটৰ

উল্লেখ্য, মঙলবাৰে পুৱা ৭ বজাৰ পৰা তেওঁৰ ঘৰৰ চৌহদত অভিযান চলায় প্ৰৱৰ্তন সঞ্চালকালয়ে । এই অভিযানৰ মাজতে বুধবাৰে পুৱতি নিশা ভি চেন্থিল বালাজীক তামিলনাডুৰ চেন্নাইৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় ।

তামিলনাডুত শাসনত থকা ডিএমকেয়ে ইতিমধ্যে ঘোষণা কৰিছে যে দলটোৱে এই অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব । তাৰ মাজতে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনে চেন্থিক ইডিৰ বিষয়াসকলে লৈ যোৱা চিকিৎসালয়খন পৰিদৰ্শন কৰে । তাৰ পিচত তেওঁ কয় যে তেওঁৰ দলটোক বিজেপিয়ে কৰা এই আক্ৰমণৰ জৰিয়তে হাৰ মনাব নোৱাৰিব । "ডিএমকে দলে যুঁজ দিব । বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে ভাবে যে ইয়াৰ দ্বাৰা আমাক ভয় খুৱাবলৈ সক্ষম হ'ব । কিন্তু সেইটো নহ'ব । আমি MISA-ৰ (The Maintenance of Internal Security Act) সন্মুখীন হোৱা এটা দল (আভ্যন্তৰীণ সুৰক্ষা আইনৰ তত্ত্বাৱধান) । আমি ইয়াৰো সন্মুখীন হ'ম ।" উদয়ানিধিয়ে কয় ।

লগতে পঢ়ক :Himanta Biswa sarma Militant link: মণিপুৰত বিজেপিৰ চৰকাৰ গঠন কৰাত আছিল উগ্ৰপন্থী সংগঠনৰ হাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.