ETV Bharat / bharat

Karnataka Elections: কৰ্ণাটক নিৰ্বাচনঃ 502 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ, 3130 গৰাকীৰ মনোনয়ন পত্ৰ বৈধ

author img

By

Published : Apr 23, 2023, 7:36 AM IST

Updated : Apr 23, 2023, 7:57 AM IST

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষণত ৫০২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে ৷ ৩৬৩২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩১৩০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে ৷ 3130 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ ভিতৰত 20890 খন পুৰুষ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ, 239 খন মহিলা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আৰু এখন আন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ (Karnataka Elections 2023) ৷

Karnataka Elections 2023
কৰ্ণাটক নিৰ্বাচন

নিউজ ডেস্ক, 23 এপ্ৰিল: সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ এতিয়া কৰ্ণাটকৰ প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে ৷ 10 মে'ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ আনহাতে 20 এপ্ৰিলত আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ তিনি হাজাৰৰো অধিক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৰাজ্যখনত (Karnataka Elections 2023) ৷

ইতিমধ্যে ঘোষণা কৰা হৈছে মনোনয়ন পত্ৰ দাখিলৰ ফলাফল ৷ ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰ পৰীক্ষণত ৫০২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে (Karnataka Elections) ৷

শুকুৰবাৰে গভীৰ নিশালৈকে মনোনয়ন পত্ৰৰ পৰীক্ষণৰ কাম চলিল ৷ শনিবাৰে আয়োগে শৃংখলাবদ্ধ মনোনয়ন পত্ৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে যে পাঁচটা সমষ্টিৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ শুকুৰবাৰে গভীৰ নিশালৈকে হৈছিল ৷ সৱদত্তী-য়ালাম্মা, ঔৰদ, হাবেৰী, ৰাইচুৰ আৰু শিৱজিনগৰ সমষ্টিৰ পৰীক্ষণো সম্পূৰ্ণ হৈছে (Nomination papers of 502 candidates rejected) ৷

কৰ্ণাটকৰ 224 টা সমষ্টিতে মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে ৷ বৃহস্পতিবাৰে মনোনয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সময়ত মুঠ 5012 খন মনোনয়ন পত্ৰ ৩৬৩২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে ৷ ৩৬৩২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩১৩০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে ৷ আয়োগে ৫০২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা বুলি জানিবলৈ দিছে ৷ 3130 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ ভিতৰত 20890 খন পুৰুষ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ, 239 খন মহিলা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আৰু এখন আন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ (3130 nomination papers valid in Karnataka) ৷

মুঠ মনোনয়ন পত্ৰৰ বিজেপিৰ ২২৪, কংগ্ৰেছৰ ২২৩, জেডিএছ ২১১, আপ ২১২, বিএছপিৰ ১৩৭, চিপিআইএম ৪, এনচিপিৰ ৪ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ক্ৰমত আছে ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন সোমবাৰে (২৪ এপ্ৰিল) ৷ নিৰ্বাচন আয়োগে কয় যে পঞ্জীভুক্ত অস্বীকৃত দলৰ ৭৩৬ জন প্ৰাৰ্থী আৰু ১,৩৭৯ জন নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ শুদ্ধ ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন শেষ হোৱাৰ পিচত নিৰ্বাচনত মুঠ প্ৰাৰ্থীৰ সংখ্যাৰ এখন স্পষ্ট ছবি উপলব্ধ হ'ব ৷

ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ৷ ১০ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৮ মে’ত শেষ হ’ব নিৰ্বাচনী প্ৰচাৰ ৷

লগতে পঢ়ক: Poonch terror attack: ওপজা ভূমিত শেষ শ্ৰদ্ধাঞ্জলি পুঞ্চৰ পাঁচজন শ্বহীদ জোৱানক

Last Updated : Apr 23, 2023, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.