ETV Bharat / bharat

প্ৰাক্তন মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজক চিকিৎসালয়ত ভৰ্তি - য়েনেপোয়া চিকিৎসালয়

প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজক চিকিৎসালয়ত ভৰ্তি ৷ যোগাভ্যাস কৰোতে আঘাতপ্ৰাপ্ত হোৱাত গুৰুতৰ অৱস্থাত য়েনেপোয়া চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকীক ৷ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে ফাৰ্ণাণ্ডেজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ফোনযোগে তেওঁৰ স্বাস্থ্যৰ বুজ লয় ।

karnataka-congress-mp-oscar-fernandes-admitted-to-hospital-sonia-rahul-call-up-family
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজ চিকিৎসালয়ত ভৰ্তি
author img

By

Published : Jul 21, 2021, 9:40 PM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই: প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজক গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি ৷ যোগাভ্যাস কৰি থকা অৱস্থাত দুৰ্ভাগ্যবশত: আঘাত পোৱাৰ পাচত গুৰুতৰ অৱস্থাত মন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি মন্ত্ৰীগৰাকীক অচেতন অৱস্থাত য়েনেপোয়া চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কোৰৱা বুলি খবৰ লাভ কৰাৰ পাচতে কংগ্ৰেছ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে ফাৰ্ণাণ্ডেজৰ পৰিয়ালৰ সদস্যসকলক ফোনযোগে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷ বিশেষ সূত্ৰৰ পৰা প্ৰাত তথ্য অনুসৰি, দেওবাৰেই মন্ত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হৈছিল যদিও দেহত আঘাতৰ কোনো নেদেখাৰ বাবে ফাৰ্ণাণ্ডেজে সমস্যাটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল ৷ য়েনেপোৱা চিকিৎসালয়ত পৰীক্ষা সম্পন্ন হোৱাতহে এই কথা পোহৰলৈ আহিথছিল যে, তেওঁৰ মগজুত তেজ গোট খাইছে ৷

উল্লেখ্য যে, ফাৰ্ণাণ্ডেজ হৈছে কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা এজন সাংসদ । তেওঁ কংগ্ৰেছ চৰকাৰৰ কেন্দ্ৰীয় পৰিবহন, পথ আৰু ঘাইপথ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ফাৰ্ণাণ্ডেজক শ্ৰম আৰু নিযুক্তি মন্ত্ৰণালয়ৰ দায়িত্বও প্ৰদান কৰা হৈছিল ৷ উদুপীৰ পৰা অহা ফাৰ্ণাণ্ডেজ 1980ৰ দশকত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল ।

পাচত, 1983 চনত তেওঁক সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ যুটীয়া সম্পাদক হিচাপে নিযুক্ত কৰা হয় । 1983 চনৰ পৰা 1997 চনৰ ভিতৰত তেওঁ পাঁচবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷ 1998 চনৰ এপ্ৰিলত ফাৰ্ণাণ্ডেজ লোকসভাৰ সাংসদ পদৰ পৰা ৰাজ্যসভাৰ সাংসদলৈ উন্নীত হয় ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.