ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত বি এচ য়েডিয়ুৰুপ্পাৰ আৰোগ্য লাভ

author img

By

Published : Apr 22, 2021, 5:26 PM IST

চলিত বৰ্ষৰ মাৰ্চ মাহত কৰ'ণা প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পা দ্বিতীয়বাৰৰ বাবে যোৱা ১৬ এপ্ৰিলত কৰ'ণাত আক্ৰান্ত হৈছিল । ক'ভিডৰ সৈতে যুঁজি থকাৰ পাচত অৱশেষত নিগেটিভ ফলাফল আহিল মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পাৰ ।

কৰ'ণাত আক্ৰান্ত বি এচ য়েডিয়ুৰুপ্পাৰ আৰোগ্য লাভ
কৰ'ণাত আক্ৰান্ত বি এচ য়েডিয়ুৰুপ্পাৰ আৰোগ্য লাভ

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল: যোৱা ১৬ এপ্ৰিলত কৰ'ণাত আক্ৰান্ত হৈছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পা । ক'ভিডৰ সৈতে যুঁজি থকাৰ পাচত অৱশেষত আৰোগ্য লাভ কৰে । ৰাজ্যখনৰ মনিপাল হাস্পতালত চিকিৎসাধীন হৈ আছিল মুখ্যমন্ত্ৰীগৰাকী । যোৱা ১৬ এপ্ৰিলত কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচত নিপাল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পাক । ক'ভিড প্ৰট'কল অনুসৰি, তেওঁক ছয় দিনৰ বাবে মনিপাল হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

দ্বিতীয়বাৰৰ বাবে কৰ'ণাত আক্ৰান্ত হৈছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পা

ক'ভিডৰ সৈতে যুঁজি থকাৰ পাচত অৱশেষত নিগেটিভ ফলাফল আহিল মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰুপ্পাৰ । ৭৮ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বেও কৰ'ণাত আক্ৰান্ত হৈছিল । বিগত বৰ্ষৰ আগষ্ট মাহত য়েডিয়ুৰুপ্পা আৰু পৰিয়ালৰ কেবাজনো সদস্য কৰ'ণাত আক্ৰান্ত হৈছিল । ইফালে, চলিত বৰ্ষৰ মাৰ্চ মাহত কৰ'ণা প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছিল ।

কৰ্ণাটকত যোৱা ২৪ ঘণ্টাত ১৭,০৩০ জন নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১০,৩২,২৩৩ জনলৈ বৃদ্ধি পাইছে । বিপৰীতে যোৱা ২৪ ঘণ্টাত ১১৬ জনে প্ৰাণ হেৰুৱাইছে । লগতে ৬,৪১২ জনে আৰোগ্য লাভ কৰিছে । সম্প্ৰতি ১,৭৬,২০৭ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ আছে ।

লগতে পঢ়ক: দিল্লীৰ অক্সিজেন কোটা ৪৮০ মেট্ৰিকটনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.