ETV Bharat / bharat

Karnataka Bandh : তামিলনাডুক পানী এৰি দিয়াৰ বিৰোধিতা; কৰ্ণাটক বন্ধৰ ফলত বাতিল ৪৪ খন বিমানৰ যাত্ৰা - Kannada Okkoota oppose Cauvery water to Tamil Nadu

তামিলনাডুলৈ পানী এৰি দিয়াৰ বিৰোধিতা কৰিবলৈ 'কানাড়া অক্কুতাই' আহ্বান জনোৱা কৰ্ণাটক বন্ধত শুকুৰবাৰে বেংগালুৰু আৰু ৰাজ্যখনৰ অন্যান্য অংশত ব্যাপক প্ৰভাৱ পৰিছে । যাৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈছে ।

Karnataka Bandh
Karnataka Bandh
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 2:21 PM IST

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : তামিলনাডুলৈ কাবেৰী নদীৰ পানী মুকলি কৰি দিয়াৰ প্ৰতিবাদত 'কানাড়া অক্কুটা'ই আয়োজন কৰা কৰ্ণাটক বন্ধত শুকুৰবাৰে ৰাজ্যখনত স্বাভাৱিক জীৱন যাত্ৰা স্থবিৰ কৰি তুলিছে । বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ থকাৰ লগতে ৪৪ খন বিমান বাতিল কৰা হৈছে । আনহাতে, বেংগালুৰু আৰু সমগ্ৰ কৰ্ণাটকত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

কানাড়া আৰু কৃষক গোটসমূহক প্ৰতিনিধিত্ব কৰা একত্ৰিত সংগঠন 'কানাড়া অক্কুটা'ই তামিলনাডুলৈ কাবেৰীৰ পানী এৰি দিয়াৰ বিৰোধিতা কৰাৰ বাবে কৰ্ণাটক ৰাজ্যজুৰি এই বন্ধৰ আহ্বান জনাইছে । আনহাতে, এই বন্ধৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক প্ৰশাসনে বেংগালুৰু নগৰ, মাণ্ড্য, মহীশূৰ, চামৰাজনগৰা, ৰামনগৰা আৰু হাছান জিলাত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে । ইয়াৰ উপৰি এই অঞ্চলবোৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ দিনটোৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ।

আনহাতে, বাংগালুৰুৰ ফ্ৰীডম পাৰ্কত এক অনন্য প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । তামিলনাডুৰ সৈতে পানী ভাগ-বতৰাৰ বিবাদত ক্ৰোধান্বিত হৈ প্ৰতিবাদকাৰীসকলে বটলৰ পানীৰে গা ধুই প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে কানাড়া সমাজকৰ্মী আৰু কৃষক গোটৰ সংগঠিত সংগঠন 'কানাড়া অক্কুটা'ই যোৱা মঙলবাৰে একে উদ্দেশ্যৰে বেংগালুৰু বন্ধৰ আহ্বান জনাইছিল । শুকুৰবাৰৰ এই বন্ধৰ কাৰ্যসূচীত কানাড়া চলচ্চিত্ৰ উদ্যোগেও সহযোগিতা আগবঢ়াইছে । যাৰ ফলত সমগ্ৰ ৰাজ্যতে চলচ্চিত্ৰ প্ৰদৰ্শন বাতিল কৰা হৈছে । কৰ্ণাটক চলচ্চিত্ৰ প্ৰদৰ্শক সংস্থাই বন্ধৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে ।

আনহাতে, এই বন্ধৰ প্ৰভাৱ বেংগালুৰুৰ মুখ্য বজাৰ এলেকাবোৰতো ব্যাপকভাৱে পৰিছে । চিকপেট, বালেপেট, আৰু সংলগ্ন ব্যৱসায়িক জিলাসমূহত দোকান আৰু ব্যৱসায় বন্ধ আছে । বেংগালুৰুৰ বেছিভাগ মুখ্য তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানে কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছে । অটোৰিক্সা চালক ইউনিয়ন আৰু অ'লা-উবেৰ ড্ৰাইভাৰ এণ্ড অ'নাৰ্ছ এছ'চিয়েচনেও বন্ধৰ সমৰ্থন জনাইছে ।

লগতে পঢ়ক :Khalistani Nijjar killing: হিন্দু ফ’বিয়াৰ সন্মুখত মৌনতা অৱলম্বন ঘৃণাজনিত অপৰাধৰ প্ৰতি সমৰ্থনৰ সদৃশ; অধ্যাপক ইন্দু বিশ্বনাথন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.