ETV Bharat / bharat

সোমবাৰে বুলন্দচহৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব কল্যাণ সিঙৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সোমবাৰে আবেলি উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ(Kalyan Singh)ৰ শেষকৃত্য সম্পন্ন কৰা হ'ব । বুলন্দচহৰৰ নাৰোৰা ঘাটত সম্পন্ন কৰা হ'ব কল্যাণ সিঙৰ অন্ত্যেষ্টিক্ৰিয়া(Cremation) ।

Kalyan Singh's cremation in Bulandshahr on Monday afternoon
সোমবাৰে বুলন্দচহৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব কল্যাণ সিঙৰ
author img

By

Published : Aug 23, 2021, 1:38 PM IST

নেশ্যনেল ডেস্ক, ২৩ আগষ্ট : আজি পঞ্চভূতত বিলীন হ'ব উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ(Kalyan Singh)ৰ নশ্বৰ দেহ । আবেলি বুলন্দচহৰৰ নাৰোৰা ঘাটত অন্ত্যেষ্টিক্ৰিয়া(Cremation) সম্পন্ন কৰা হ'ব উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ।

প্ৰয়াত নেতাগৰাকীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰপাল সিঙে(Chandrapal Singh) কয় যে, কল্যাণ সিঙে আলিগড়ক তেওঁৰ 'জন্মভূমি' আৰু বুলন্দচহৰক তেওঁৰ 'কৰ্মভূমি' বুলি গণ্য কৰি আহিছে । সেয়েহে, বুলন্দচহৰৰ দিবাইত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে । সিঙে দিবাইক তেওঁৰ 'কৰ্মভূমি' বুলি গণ্য কৰাৰ কাৰণ হৈছে তেওঁ বুলন্দচহৰৰ পৰা এবাৰ লোকসভালৈ আৰু দিবাই সমষ্টিৰ পৰা দুবাৰকৈ ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হৈছিল ।

দিবাই গংগা ঘাটৰ সমীপতে আছে । অত্ৰাউলি অলপ সময় ৰোৱাৰ পিছত দিবাইলৈ অনা হ'ব কল্যাণ সিঙৰ নশ্বৰ দেহ আৰু আবেলি ৩ বজাত শেষকৃত্য সম্পন্ন কৰা হ'ব ।

প্ৰয়াত নেতাজনৰ নশ্বৰ দেহ দেওবাৰে সন্ধিয়া লক্ষ্ণৌৰ পৰা এয়াৰ এম্বুলেন্সেৰে মহাৰাণী অহিল্যাবাঈ হোলকাৰ ষ্টেডিয়াম(Maharani Ahilyabai Holkar Stadium)লৈ অনা হৈছিল । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো(Yogi Adityanath) সেই সময়ত ষ্টেডিয়ামত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে ।

দেওবাৰে হাজাৰ হাজাৰ লোকে প্ৰয়াত নেতাজনক শেষ শ্ৰদ্ধা জনাবলৈ ষ্টেডিয়ামত শাৰী পাতিছিল আৰু ষ্টেডিয়ামত 'জয় শ্ৰী ৰাম' আৰু 'বাবু জী অমৰ ৰহে' আদি ধ্বনি শুনিবলৈ পোৱা গৈছিল । সোমবাৰে শেষকৃত্য অনুষ্ঠানত বিজেপিৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে । আনহাতে বিজেপি কৰ্মীসকলে জনোৱা মতে, অন্ত্যেষ্টিক্ৰিয়াত ৫ লাখৰো অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

ইফালে, বুলন্দচহৰৰ মুখ্য উন্নয়ন বিষয়া অভিষেক পাণ্ডেই জনাইছে যে, জলসিঞ্চন বিভাগৰ ভূমি কল্যাণ সিঙৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পৰিষ্কাৰ কৰা হৈছে । উক্ত স্থানত ৩,০০০ৰো অধিক লোক উপস্থিত থাকিব পাৰিব ।

কিন্তু ওচৰৰ স্থানবোৰত অধিক লোক সমবেত হোৱাৰ সম্ভাৱনা আছে । তেওঁ লগতে জনায় যে, অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে কল্যাণ সিঙৰ নশ্বৰ দেহ গংগাত স্নান কৰোৱা হ'ব । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi), বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেতাজনৰ লক্ষ্ণৌস্থিত বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে ।

লগতে পঢ়ক:তৃণমূলত যোগদান নকৰে পীযুষ বিশ্বাসে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.