নেশ্যনেল ডেস্ক,১ মাৰ্চ : জম্মু-কাশ্মীৰৰ অনন্তনাগত ভয়ংকৰ অগ্নিকাণ্ড । জিলাখনৰ মেটাৰনিটী এণ্ড চাউল্ড কেয়াৰ হস্পিতালত (MCCH) সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত কেইবাজনো লোক আহত হোৱাৰ তথ্য পোৱা গৈছে । গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে (Cylinder blast at MCCH in JK)।
হাস্পতালখনৰ এগৰাকী বিষয়াই জনোৱা মতে টিকট সংগ্ৰহৰ স্থানত চিলিণ্ডাৰ লিকেজৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাটোত হাস্পতালৰ কেইবাজনো কৰ্মচাৰী আহত হৈছে । ইফালে আহতসকলক অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Commercial LPG Cylinder prices increased : সাধাৰণ ৰাইজক মাধমাৰ শোধাই পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য