ETV Bharat / bharat

সোমবাৰে গুজৰাট ভ্ৰমণ কৰিব জে পি নাড্ডাই - JP Nadda to visit Gujarat on Monday Etv bharat news

অহা 4 জানুৱাৰীত যাত্ৰা গুজৰাট ভ্ৰমণ কৰিব বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই ৷ তেওঁৰ সৈতে এই ভ্ৰমণসূচীত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ ৷ গেৰুৱা দলটোৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই কথা ৷

JP Nadda to visit Gujarat on Monday Etv bharat news
গুজৰাট ভ্ৰমণলৈ জে পি নাড্ডা
author img

By

Published : Jan 3, 2021, 7:57 AM IST

Updated : Jan 3, 2021, 8:21 AM IST

গান্ধীনগৰ,3 জানুৱাৰী : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) বি এল সন্তোষ অহা 4 জানুৱাৰীত উপস্থিত হ’ব গুজৰাটত ৷ ৰাজ্যিক বিজেপিৰ এখন সভাত অংশগ্ৰহণৰ বাবে নেতা দুগৰাকীয়ে গুজৰাট ভ্ৰমণ কৰিব ৷ ইয়াৰোপৰি নেতা দুগৰাকীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ভিত্তিত আয়োজিত সমন্বয় বৈঠকতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

গুজৰাটৰ ৰাজ্যিক বিজেপিৰ দলীয় সভাখনত নেতা দুগৰাকী উপস্থিত থাকি দলৰ সাংগঠনিক গাঁথনি সম্পৰ্কত আলোচনা কৰিব ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী, উপ মুখ্যমন্ত্ৰী নিতিন পেটেল আৰু ৰাজ্যিক বিজেপি কোষৰ অধ্যক্ষ চি আৰু পাটিলেও উক্ত সভাত অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, জানুৱাৰীৰ 5-7 তাৰিখলৈ গান্ধীনগৰত অনুষ্ঠিত হ’বলগীয়া এই সমন্বয় বৈঠকৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয স্বয়ংসেৱক সংঘই ৷ এই বৈঠকত অংশগ্ৰহণ কৰিব সংঘৰ দ্বাৰা পৰিচালিত বিভিন্ন দল-সংগঠনে ৷

লগতে চাওকঃ 24 ঘন্টা চিকিৎসকৰ তত্বাৱধানত থাকিব সৌৰভ গাংগুলী

Last Updated : Jan 3, 2021, 8:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.