নেচনেল ডেস্ক, 21 মে': এগৰাকী কনিষ্ঠ সহকৰ্মীক যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগত অভিযুক্ত তেহেলকাৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন মুখ্য সম্পাদক তৰুণ তেজপাল অৱশেষত নিৰ্দোষী সাব্যস্ত হ'ল ৷ গোৱাৰ মাপুছাৰ জিলা আৰু সত্ৰ আদালতে তেজপালক সকলো অভিযোগৰ পৰা মুক্ত কৰে ৷
তেহেলকা আলোচনীৰ এটা আনুষ্ঠানিক কাৰ্যসূচীৰ সময়ত তৰুণ তেজপালৰ বিৰুদ্ধে মহিলাগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ 2013 চনৰ 7 আৰু 8 নৱেম্বৰত গোৱাৰ বাম্বোলিমৰ গ্ৰেণ্ড হায়াতৰ এলিভেটৰৰ ভিতৰত তেজপালে নিজৰ কনিষ্ঠ সহকৰ্মী এগৰাকীক ইচ্ছাৰ বিৰুদ্ধে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷
লগতে পঢ়ক: 13 ঘন্টাৰ ভিতৰত ক’ভিডত নিঃশেষ এটা পৰিয়াল