ETV Bharat / bharat

Journalist Dies at Chennai : তামিলনাডুত নিৰ্মীয়মান নলাত পৰি সাংবাদিকৰ মৃত্যু

author img

By

Published : Oct 24, 2022, 1:19 PM IST

তামিলনাডুৰ চেন্নাইত অঘটন (Reporter death in Tamil Nadu) । জাফৰখানপেটত এটা নিৰ্মীয়মান নলাত পৰি মৃত্যু সাংবাদিকৰ । মুথু কৃষ্ণন নামৰ সাংবাদিকজনে খাদৰ ওপৰেৰে জপিয়াই পাৰ হ'বলৈ চেষ্টা কৰোতেই পিছলি পৰি মৃত্যু হয় । সাংবাদিকগৰাকীৰ মৃত্য়ুত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ শোক প্ৰকাশ ।

Journalist dies in Chennai
তামিলনাডুত নিৰ্মীয়মান নলাত পৰি সাংবাদিকৰ মৃত্যু

নেশ্য়নেল ডেস্ক, ২৪ অক্টোবৰ : তামিলনাডুৰ জাফৰখানপেটত এটা নিৰ্মীয়মান পানীৰ নলাত দুৰ্ঘটনাক্ৰমে পৰি যোৱাৰ ফলত মুথু কৃষ্ণন নামৰ এজন ২৫ বছৰীয়া সাংবাদিকৰ মৃত্যু হয় (Journalist died in incomplete drain at Chennai)। মুথু কৃষ্ণন এটা ব্যক্তিগত তামিল নিউজ চেনেলত কৰ্মৰত আছিল । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সাংবাদিকজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়ালক ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে (Tamil Nadu CM M K Stalin condoled journalists death)।

উল্লেখ্য় যে মুথু কৃষ্ণনে শনিবাৰে নিশা কামৰ পিছত ঘৰলৈ উভতি অহাৰ সময়তে এটা নিৰ্মীয়মান পানীৰ নলাত পৰি যায় । সাংবাদিকগৰাকীয়ে নলাৰ কাম কৰি থকা বাবে খন্দা খাদৰ ওপৰেৰে জপিয়াই পাৰ হ'বলৈ চেষ্টা কৰোতেই পিছলি পৰে । এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় "সহকৰ্মীৰ সহায়ত মুথু কৃষ্ণনক প্ৰাথমিক চিকিৎসাৰ বাবে ভিএইচ চিকিৎসালয়লৈ (VH hospital) লৈ যোৱা হৈছিল । পিছত তেওঁক ৰয়াপেটাহ চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰিত (Royapetah Government Hospital) কৰা হয় যদিও দেওবাৰে আবেলি তেওঁৰ মৃত্যু হয় ।"

ইফালে, তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালাইও (TN BJPs state president K Annamalai) সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । টুইটাৰযোগে আন্নামালাই কয়, "চেন্নাইৰ বহু ঠাইত এনেধৰণৰ বৰষুণৰ পানী নিষ্কাশণৰ কাম সম্পূৰ্ণ হোৱা নাই আৰু কোনো সুৰক্ষা অবিহনে মানুহে ব্যৱহাৰ কৰা মুখ্য পথসমূহ গাঁতলৈ পৰিণত হৈছে ।"

বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালাই লগতে গাঁতবোৰৰ কিছু ফটো শ্বেয়াৰ কৰি কয়, "সমগ্ৰ চহৰখনত ইয়াৰ দৰে বহুতো এছ ডব্লি উডি অসম্পূৰ্ণ আৰু অসুৰক্ষিতভাৱে আছে । এই ডিএমকে চৰকাৰৰ তামিলনাডুৰ লোকসকলৰ সুৰক্ষা প্ৰদান কৰিব পৰা নাই ।"

মাৰুমালাৰ্চি দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰ (MP of MDMK)সাংসদ ভাইকোৱে ক্ষতিপূৰণ হিচাপে ৫০ লাখ দাবী জনাইছে । তেওঁ লগতে মুখ্যমন্ত্ৰীক মুথু কৃষ্ণনৰ মৃত্যুৰ বাবে দায়ী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও দাবী জনায় ।

লগতে পঢ়ক:Modi greets people on Diwali: নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে দীপাৱলীৰ শুভেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.