ETV Bharat / bharat

Jitan Ram Manjhi on Nitish Kumar : নীতিশ কুমাৰক খাদ্যত বিষাক্ত পদাৰ্থ দিয়া হৈছে; জিতন ৰাম মাঝি - Jitan Ram Manjhi alleged on Nitish Kumar

বৃহস্পতিবাৰে বিধানসভাৰ শীতকালীন অধিবেশনৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জিতন ৰাম মাঝিৰ ওপৰত যেনে ধৰণে শব্দবাণ নিক্ষেপ কৰিছিল তাৰ বাবে মাঝিয়ে মনত গভীৰভাৱে আঘাত লাভ কৰে আৰু ধৰ্ণাত বহে । এই সময়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীক বিগত কেইবাদিনো ধৰি তেওঁৰ খাদ্যত বিষাক্ত পদাৰ্থ মিহলি কৰি খুৱাই থকা হৈছে । মুখ্যমন্ত্ৰীৰ চকীত আন কাৰোবাক বহুৱাবৰ বাবেই এই ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ।

নীতিশ কুমাৰক খাদ্যত বিষাক্ত পদাৰ্থ দিয়া হৈছে; জিতন ৰাম মাঝি
Jitan Ram Manjhi on Nitish Kumar
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:23 PM IST

নিউজ ডেস্ক, ১০ নৱেম্বৰ : এসময়ত নীতিশ কুমাৰ অতি ঘনিষ্ঠ হিচাপে পৰিগণিত হাম দলৰ পিতৃপুৰুষ জিতন ৰাম মাঝিয়ে মনত গভীৰ দুখ পাইছে । উল্লেখ্য যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধানসভাৰ মজিয়াত মাঝিৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে । ইয়াৰ বিৰুদ্ধে এনডিএয়ে আন্দোলন আৰম্ভ কৰিছে । আনহাতে, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝিয়ে বিধানসভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ চেম্বাৰৰ বাহিৰত ধৰ্ণাত বহে । এই সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে ।

জিতন ৰাম মাঝিয়ে দাবী কৰে যে নীতিশ কুমাৰৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । আন কোনোবাই যাতে সোনকালে মুখ্যমন্ত্ৰীৰ পদ লাভ কৰে তাৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে । মাঝিয়ে কয় যে বিগত কেইবাদিনো ধৰি নীতিশ কুমাৰক খাদ্যৰ সৈতে বিষাক্ত পদাৰ্থ মিহলাই প্ৰদান কৰা হৈছে । ইয়াৰ ফলস্বৰূপেই তেওঁ মহাবীৰ চৌধুৰীৰ ফটোত মাল্যদান কৰাৰ পৰিৱৰ্তে জীৱিত অশোক চৌধুৰীলৈ পুষ্পাঞ্জলি কৰে ।

"মোৰ দৰে এগৰাকী ৮০ বছৰীয়া প্ৰতিনিধিক এগৰাকী ৭৪ বছৰীয়া মুখ্যমন্ত্ৰীয়ে তাচ্ছিল্য কৰিছে । তেওঁ ১৯৬৭-৬৮ চনত ডিগ্ৰী লাভ কৰিছিল । মই ১৯৬৬ চনতে মোৰ ডিগ্ৰী লাভ কৰিছিলোঁ । মই ১৯৮০ চনতে বিধায়ক আছিলোঁ আৰু নীতিশ ১৯৮৫ চনত বিধায়ক হৈছিল । তেওঁ মোক তুমি বুলি সম্বোধন কৰি কথা পাতিব নালাগিছিল ।" বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝিয়ে কয় ।

জিতন ৰাম মাঝিয়ে লগতে কয় যে নীতিশ কুমাৰে সকলো মৰ্যাদা অতিক্ৰম কৰি মহিলাসকলৰ বিৰুদ্ধে বিভিন্ন কথা কৈছে । এই সকলোবোৰ বিষয়ত সকলোৱে জ্ঞাত হৈ পৰিছে । তেওঁৰ ভাষা শুনি মই কৈছিলোঁ যে তেওঁৰ মূল্যবোধৰ অৱক্ষয় ঘটিছে, সেয়েহে তেওঁ এনে ভাষা ব্যৱহাৰ কৰি আছে । অধ্যক্ষগৰাকী হৈছে বিধানসভাৰ ৰক্ষক । যেতিয়া সংৰক্ষণৰ বিষয়টো শেষ হৈছিল তেতিয়া তেওঁ মোক সুবিধা দিছিল আৰু মই মোৰ বক্তব্য আগবঢ়াবলৈ আৰম্ভ কৰিছিলোঁ । অধ্যক্ষই নীতিশ কুমাৰক বাধা দিব লাগিছিল ।

লগতে পঢ়ক :Mahua Moitra expulsion threat : নৈতিকতা সমিতিৰ বহিষ্কাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.