ETV Bharat / bharat

Pakistani drone shot down : আটাৰী সীমান্তৰ সমীপত ভূ-পতিত পাকিস্তানী ড্ৰোণ - Pakistani drone shot down

শনিবাৰে নিশা অমৃতসৰৰ আটাৰী সীমান্তৰ সমীপত পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি নিৰাপত্তা বাহিনীৰ গুলীচালনা (Pakistani drone shot down by BSF)। ড্ৰোণখন পুল-মাউৰৰ পথাৰত উদ্ধাৰ । ড্ৰোণত আছিল সন্দেহযুক্ত ড্ৰাগছ ।

Pakistani drone shot down
আটাৰী সীমান্তৰ সমীপত ভূ-পতিত পাকিস্তানী ড্ৰোণ
author img

By

Published : May 21, 2023, 3:22 PM IST

নেশ্যনেল ডেস্ক,২১ মে': ভাৰত পাকিস্তান সীমান্তত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ অব্যাহত আছে (Illegal activities in Indo Pak border)। ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ আদিৰ সৰবৰাহো অব্যাহত ৰাখিছে । পাকিস্তানৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে এই ধৰণৰ কাৰ্যকলাপৰ বাবে বহু কৌশল অৱলম্বন কৰিছে । বিশেষকৈ এই ধৰণৰ কাৰ্যকলাপৰ বাবে পাকিস্তানী পক্ষই ড্ৰোণ ব্যৱহাৰ কৰা দেখা গৈছে । যাৰ বাবে সীমান্তত ড্ৰোণৰ কাৰ্যকলাপ বৃদ্ধি পাইছে (Pakistani drone in border)।

অৱশ্যে সীমান্তত থকা নিৰাপত্তা বাহিনীয়ে ড্ৰোণৰ কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে । তাৰ অংশ স্বৰূপে শেহতীয়া দিনবোৰত নিৰাপত্তা বাহিনীয়ে প্ৰায়ে পাকিস্তানী ড্ৰোণ ধ্বংস কৰিছে (Pakistani drone shot down in border area)।

এইবাৰ পুনৰ পঞ্জাৱ সীমান্তত পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি নিৰাপত্তা বাহিনীৰ গুলীচালনা । বিএছএফৰ জোৱানসকলে পঞ্জাৱৰ অমৃতসৰৰ আটাৰী সীমান্তৰ সমীপৰ পুল মৌৰণ বিঅ'পি (সীমান্ত পৰ্যৱেক্ষণ চকী)ৰ ওচৰত এটা ড্ৰোণক ভূ-পতিত কৰে (BSF troops downed drone in Punjab border)।

বেটেলিয়ন ২২-ৰ বিএছএফ জোৱানসকলে টহল দি থকাৰ সময়তে শনিবাৰে নিশা প্ৰায় ৯ মান বজাত ড্ৰোণটো সীমান্তৰ আকাশত প্ৰত্যক্ষ কৰে । পাকিস্তানৰ ফালৰ পৰা ড্ৰোণখনৰ গতিবিধি আৰু শব্দ শুনা গৈছিল । ড্ৰোণখন প্ৰত্যক্ষ কৰাৰ লগে লগে বিএছএফ জোৱানসকলে গুলীবৰ্ষণ কৰে । বিএছএফ পঞ্জাৱ ফ্ৰণ্টিয়াৰে এক চৰকাৰী টুইট শ্বেয়াৰ কৰি কয় যে দুটা দিনৰ ভিতৰত চাৰিখন ড্ৰোণ বিএছএফৰ জোৱানসকলে ভূ-পতিত কৰিছে ।

ইফালে ড্ৰোণখনৰ পৰা সন্দেহজনক নিচাজাতীয় সামগ্ৰীৰ এটা পেকেট উদ্ধাৰ কৰা হয় । সূত্ৰৰ মতে ড্ৰোণৰ শব্দ শুনাৰ পাছতে বিএছএফৰ জোৱানসকলে গুলীবৰ্ষণ কৰিছিল । কিছু সময়ৰ পাছতে ড্ৰোণৰ শব্দ বন্ধ হৈছিল । তাৰ পাছতে বিএছএফৰ জোৱানসকলে এক অভিযান চলায় । প্ৰায় এঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত ড্ৰোণখন পুল-মাউৰৰ পথাৰৰ পৰা উদ্ধাৰ কৰা হয় । ড্ৰোণৰ লগত এটা ডাঙৰ হালধীয়া পেকেট সংলগ্ন আছিল । নিৰাপত্তাজনিত কাৰণত পেকেটটো খোলা হোৱা নাছিল । বিষয়াসকলে সন্দেহ কৰা মতে এয়া পাকিস্তানী ড্ৰাগছৰ চোৰাং ব্যৱসায়ীসকলৰ কাম ।

লগতে পঢ়ক :China calls JK disputed territory : জম্মু-কাশ্মীৰক বিতৰ্কিত অঞ্চল অভিহিত চীনৰ; জি-20 বৈঠকৰ বিৰোধিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.