ETV Bharat / bharat

ISRO's maiden SSLV rocket: ইছৰোৰ প্ৰথম এছএছএলভি ৰকেটে হেৰুৱাইছে তথ্য় - ISRO maiden SSLV lifts off

ভাৰতৰ প্ৰথমখন ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন (Small Satellite Launch Vehicle) ৰকেটৰ ঐতিহাসিক উৎক্ষেপণৰ পিছত টাৰ্মিনেল পৰ্যায়ত ৰকেটটোৰ তথ্য লাভ কৰাটো সম্ভৱ হোৱা নাই । ইছৰোৰ( ISRO) অধ্যক্ষ এছ সোমনাথে ৰকেটটোৰ তথ্য হেৰুওৱাৰ বিষয়ে উল্লেখ কৰিছে(ISRO Chairman S Somanath)।

ISRO's maiden SSLV rocket
ইছৰোৰ প্ৰথম এছএছএলভি ৰকেটে হেৰুৱাইছে তথ্য়
author img

By

Published : Aug 7, 2022, 5:29 PM IST

নেচনেল ডেস্ক, ৭ আগষ্ট: দেওবাৰে পুৱা ভাৰতৰ প্ৰথমখন ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন (Small Satellite Launch Vehicle) ৰকেটৰ ঐতিহাসিক উৎক্ষেপণৰ পিছত টাৰ্মিনেল পৰ্যায়ত ৰকেটটোৰ তথ্য লাভ কৰাটো সম্ভৱ হোৱা নাই । ইছৰোৰ( ISRO)অধ্যক্ষ এছ সোমনাথে ৰকেটটোৰ তথ্য হেৰুওৱাৰ বিষয়ে উল্লেখ কৰিছে (ISRO Chairman S Somanath)।

ইছৰোৰ( ISRO)অধ্যক্ষগৰাকীয়ে কয় যে, ৰকেটটো তিনিটা পৰ্যায়ত প্ৰদৰ্শন আৰু পৃথক হৈছিল । ইয়াৰ পাছতেই মহাকাশ সংস্থাটোৱে বাহন আৰু উপগ্ৰহৰ স্থিতি নিৰ্ণয় কৰিবলৈ তথ্য বিশ্লেষণ কৰি আছে । মহাকাশ সংস্থাটোৱে উল্লেখ কৰা মতে, এছএছএলভি-ডি1/ইঅ'এছ 02-এ এটা পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ আৰু এটা শিক্ষাৰ্থী উপগ্ৰহ কঢ়িয়াই নিছিল (ISRO maiden SSLV lifts off )। উৎক্ষেপণ বাহনখন স্পেচপোৰ্টৰ পৰা উৰা মৰাৰকেইমিনিটমান পিছতে ইছৰোৰ(ISRO)অধ্যক্ষ এছ সোমনাথে এই বিষয়ে সদৰি কৰিছে ।

অধ্যক্ষ এছ সোমনাথে এই প্ৰসংগত কয়, ‘‘ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহনখনে সকলো স্তৰতেই আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিছে । প্ৰথম পৰ্যায়টো সম্পাদন আৰু পৃথক কৰা, দ্বিতীয় পৰ্যায়টো সম্পাদন আৰু পৃথক কৰা, তৃতীয় পৰ্যায়টোও প্ৰদৰ্শন আৰু পৃথক সঠিকভাৱেই কৰিছে । ইয়াৰ মাজতে অৱশ্য়ে মিছনৰ টাৰ্মিনেল পৰ্যায়ত কিছু তথ্য় হেৰুওৱা হৈছে । আমি ইতিমধ্য়েই তথ্য বিশ্লেষণ আৰম্ভ কৰিছো’’ ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে শ্ৰীহৰিকোটা স্পেচপোৰ্ট(Sriharikota spaceport)পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ ইঅ'এছ-০২(EOS-02) আৰু সহযাত্ৰী শিক্ষাৰ্থীউপগ্ৰহ AzaadiSAT কঢ়িয়াই ইয়াৰ প্ৰথম সৰু উপগ্ৰহ উৎক্ষেপণ বাহন (Small Satellite Launch Vehicle) অভিযান আৰম্ভ কৰে । ভাৰতীয় মহাকাশ সংস্থাৰ দ্বাৰা এছএছএলভি-ডি1/ইঅ'এছ-02 অভিযানৰ উদ্দেশ্য হৈছে সৰু উৎক্ষেপণ বাহনৰ বজাৰত আধিপত্য় বিস্তাৰ কৰা । কিয়নো ই উপগ্ৰহবোৰ নিম্ন পৃথিৱীৰ কক্ষপথত স্থাপন কৰিব পাৰে।

লগতে পঢ়ক:India Ki Udaan: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে গুগলৰ ইণ্ডিয়া কি উড়ান আঁচনি মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.