ETV Bharat / bharat

প্ৰকৃত বন্ধু হোৱাৰ বাবে মোডীক ধন্যবাদ ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী বেনেটৰ

ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী নাফটালি বেনেট ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ (Israel Prime Minister Naftali Bennett thanked Narendra Modi) । শুকুৰবাৰে তেওঁৰ 'মৰমৰ বন্ধু' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক 'ভাৰতৰ এজন প্ৰকৃত বন্ধু' আখ্যা দিয়ে ।

প্ৰকৃত বন্ধু হোৱাৰ বাবে মোডীক ধন্যবাদ ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী বেনেটৰ
প্ৰকৃত বন্ধু হোৱাৰ বাবে মোডীক ধন্যবাদ ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী বেনেটৰ
author img

By

Published : Jul 2, 2022, 1:19 PM IST

নিউজ ডেস্ক, ২ জুলাই : ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী নাফটালি বেনেট ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ (Israel Prime MInister Naftali Bennett thanked Narendra Modi) । শুকুৰবাৰে তেওঁৰ 'মৰমৰ বন্ধু' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক 'ভাৰতৰ এজন প্ৰকৃত বন্ধু' আখ্যা দিয়ে । ইয়াৰ বাবে মোডীক প্ৰশংসাৰ লগতে ধন্যবাদো জ্ঞাপন কৰে নাফটালিয়ে । উল্লেখ্য, বৃহস্পতিবাৰে ইজৰাইলৰ সংসদে নিজকে ভংগ কৰাৰ সপক্ষে ভোটদান কৰে । লগতে চাৰি বছৰতকৈও কম সময়ৰ ভিতৰত পঞ্চমবাৰৰ বাবে অহা নৱেম্বৰত দেশখনক নিৰ্বাচনৰ সন্মুখলৈ আগবঢ়াই দিয়ে ।

ইফালে ইজৰাইলৰ বৈদেশিক মন্ত্ৰী তথা বিদায়ী মিত্ৰজোঁট চৰকাৰখনৰ মূল হোতা য়াইৰ লাপিডে শুকুৰবাৰে মাজনিশা বেনেটৰ পৰা প্ৰধানমন্ত্ৰিত্ব গ্ৰহণ কৰি দেশখনৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হয় (Israel foreign minister Yair Lapid became caretaker prime minister) । "ভাৰতৰ এজন প্ৰকৃত বন্ধু হোৱাৰ বাবে মহামান্য নাফটালি বেনেটক ধন্যবাদ । মই আমাৰ ফলপ্ৰসূ বাৰ্তালাপক আদৰণি জনাইছোঁ আৰু আপোনাৰ নতুন ভূমিকাত আপোনাৰ সফলতা কামনা কৰিছোঁ ।" মোডীয়ে এক টুইটযোগে এনেদৰে কয় ।

ইয়াৰ প্ৰত্যুত্তৰত বেনেটে টুইট কৰে, "ধন্যবাদ মোৰ মৰমৰ বন্ধু । এক দীঘলীয়া আৰু গাঢ় বন্ধুত্বৰ বাবে ।" দ্য টাইমছ অব ইজৰাইল বাতৰিকাকতৰ (The Times of Israel newspaper) মতে, বেনেটে বুধবাৰে নিশা ঘোষণা কৰে যে তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে আৰু ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস ল'ব । মোডীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰিত্ব গ্ৰহণ কৰাৰ বাবে লাপিডক অভিনন্দন জনায় ।

মোডীয়ে কয়, দুয়োখন দেশে ৩০ বছৰৰ সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক উদযাপন (30 years of full diplomatic relations India-Israel) কৰাৰ লগে লগে তেওঁ দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব (bilateral strategic partnership between India-Israel)ভৱিষ্যতে আগবঢ়াই নিয়াৰ বাবে আশাবাদী । "ইজৰাইলৰ প্ৰধানমন্ত্ৰিত্ব গ্ৰহণ কৰাৰ বাবে মহামান্য য়াইৰ লাপিডক আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন (Modi congratulate yair lapid) । আমি ৩০ বছৰৰ সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক উদযাপন কৰাৰ লগে লগে আমাৰ কৌশলগত অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ আশাবাদী ।" মোডীয়ে টুইটত কয় ।

লগতে পঢ়ক :পাকিস্তানত বন্দী হৈ থকা 539 জন ভাৰতীয়ক মুকলি কৰি দিয়াৰ আহ্বান ভাৰত চৰকাৰৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.