আইজল,15 মাৰ্চ: সামৰিক বাহিনীয়ে ম্যানমাৰৰ ভিন্ন প্ৰান্তত হিংসা অব্যাহত ৰখা, নিৰীহ অসামৰিক লোকসকলক গুলিওৱা হেতুকে ম্যানমাৰৰ বহু নাগৰিকে আশ্ৰয় বিচাৰি ভাৰতৰ ভিন্ন অঞ্চললৈ পলাই আহিছে । ম্যানমাৰ সেনাত কৰ্মৰত এজনৰ সৈতে ইটিভি ভাৰতে গ্ৰহণ কৰিছে এক বিশেষ সাক্ষাৎকাৰ, যিয়ে সাধাৰণ নাগৰিকক গুলিওৱাৰ নিৰ্দেশ পোৱাৰ পাচত পলাই গৈছিল ৷
কৰ্মীজনে ইটিভি ভাৰতক জনোৱা মতে, তেওঁ এগৰাকী ম্যানমাৰ সেনাৰ সদস্য । তেওঁক চিন ৰাজ্যৰ ভিতৰত চিডিএম দৃশ্যগ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল । যিহেতু তেওঁৰ পৰিয়াল এই শান্তিপূৰ্ণ প্ৰতিবাদৰ দৃশ্যগ্ৰহণ কৰিবলৈ অক্ষম, সেয়েহে তেওঁ পলাই যোৱাৰ সিদ্ধান্ত লৈছিল । যিহেতু তেওঁ সাধাৰণ নাগৰিকক হত্যা কৰাৰ আদেশক অমান্য কৰিছিল আৰু পলাই গৈছিল, সেয়ে সামৰিক বাহিনীয়ে তেওঁৰ পৰিয়ালক জেৰা কৰিছে আৰু পিতৃক সামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে । সম্প্ৰতি তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অক্ষম আৰু তেওঁলোকৰ বৰ্তমানৰ স্থিতি কি সেই বিষয়েও তেওঁৰ হাতত কোনো তথ্য নাই ৷ আনকি তেওঁ মিজোৰামত থকাৰ কথাও তেওঁৰ পৰিয়াল জ্ঞাত নহয় ।
লগতে তেওঁ কয় যে, তেওঁ সামৰিক বাহিনী আৰু আৰক্ষীৰ পৰা বাচিবলৈ অৰণ্যৰ মাজেৰে খোজ কাঢ়িছিল ৷ সেই সময়ত তেওঁৰ হাতত টকা নাছিল ৷ দুসপ্তাহ পূৰ্বে ম্যানমাৰৰ পৰা পলাই গৈছিল কৰ্মীজনে ৷ ঘূৰি গ’লেই তেওঁক প্ৰহাৰ কৰাৰ লগতে অত্যাচাৰ কৰি হত্যা কৰিব বুলি শংকা প্ৰকাশ কৰে কৰ্মীজনে ।
লগতে পঢ়ক : অচিৰে ভাৰতত মুকলি হ'ব শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৱে ষ্টেচন