ETV Bharat / bharat

সফল উদ্ধাৰৰ পাচত সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ প্ৰথম প্ৰতিক্ৰিয়া - Dehradun latest news

চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে দেশৰ আটাইতকৈ দীঘলীয়া উদ্ধাৰ অভিযান চলোৱা হৈছিল । এই উদ্ধাৰ অভিযানত নিয়োজিত আছিল অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্স । অভিযান সম্পূৰ্ণ হোৱাৰ পাচত ডিক্সে কি প্ৰতিক্ৰিয়া কৰিছে ?

Tunnel Expert Arnold Dix
সফল উদ্ধাৰৰ পাছত সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ প্ৰথম প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:33 AM IST

নেশ্যনেল ডেস্ক,১ ডিচেম্বৰ : বিভিন্ন জল্পনা-কল্পনা আৰু তীব্ৰ আশংকাৰ মাজত অৱশেষত উদ্ধাৰকাৰী দলে ৪১ গৰাকীকৈ শ্ৰমিকক সুৰংগৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় । ইমান সহজ নাছিল এই উদ্ধাৰ অভিযান । প্ৰথমৰ পৰাই উদ্ধাৰকাৰী দলে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল । অৱশ্যে দলটো ভাগি পৰা নাছিল আৰু অধিক উৎসাহেৰে কাম কৰি থাকিল ।

অৱশেষত তেওঁলোকে এই অভিযানত সফলতা লাভ কৰিলে । ভাৰত আৰু বিদেশৰ বহু বিশেষজ্ঞ এই অভিযানত নিয়োজিত আছিল । তেওঁলোকৰ ভিতৰত অন্যতম আছিল আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্স । সমগ্ৰ উদ্ধাৰ অভিযানত তেওঁ সহযোগিতা আগবঢ়াইছিল । এই অভিযানত তেওঁৰ কামক সকলোৱে প্ৰশংসা কৰাও দেখা গৈছে ।

  • #WATCH | Delhi: International tunnelling expert, Arnold Dix says, "...I feel content. I am not in a rush to go anywhere, I am just feeling very relaxed and happy. I just travelled with the men who were rescued, and I am delighted... If they (National agencies) hadn't cooperated… pic.twitter.com/9H1bTM6FoD

    — ANI (@ANI) November 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অভিযান সম্পূৰ্ণ হোৱাৰ পাচত অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় যে তেওঁ এতিয়া সন্তুষ্ট হৈছে । তেওঁৰ এতিয়া কোনো দৌৰাদৌৰি নাই । তেওঁ যথেষ্ট সুখী আৰু তেওঁ শেহতীয়াকৈ উদ্ধাৰ কৰা লোকসকলৰ সৈতে ভ্ৰমণ কৰাৰ কথাও উল্লেখ কৰে । ডিক্সৰ মতে যদি ৰাষ্ট্ৰীয় সংস্থাসমূহে সহযোগিতা নকৰিলেহেঁতেন তেন্তে তেওঁলোকে এই ফলাফল নাপালেহেঁতেন । উদ্ধাৰ অভিযানত জড়িত দলটো বৃহৎ আছিল যিয়ে সুৰংগটোৰ পৰা ৪১ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

শেহতীয়াকৈ সুৰংগৰ পৰা ৪১ গৰাকী শ্ৰমিকক উদ্ধাৰৰ পাচত এই অভিযানৰ নিৰীক্ষণ কৰি থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ আইএএছ বিষয়া ভাস্কৰ খুলবেয়ে অষ্ট্ৰেলিয়াৰ সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ প্ৰশংসা কৰে । ডিক্স অভিযানৰ সময়ত কৈছিল যে সাৱধানে কাম কৰক, আমি সফলতা লাভ কৰিম । তেওঁ কোৱা সেই শব্দবোৰে এতিয়াও উদ্ধাৰত নিয়োজিত দলটোক অনুপ্ৰেৰণা যোগাই আছে বুলি খুলবেয়ে উল্লেখ কৰিছিল । তেওঁ এই সফল উদ্ধাৰত সহায় কৰাৰ বাবে আৰ্নল্ড ডিক্সক ধন্যবাদো জ্ঞাপন কৰে ।

উল্লেখ্য যে, উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ ৪১ গৰাকী শ্ৰমিকক উদ্ধাৰৰ পাচতে এইমছ ঋষিকেশত ভৰ্তি কৰোৱা হয় । য'ত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । সকলো শ্ৰমিকক চিকিৎসকৰ পৰীক্ষাত সুস্থ পোৱা গৈছে । যাৰ বাবে তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : শেহতীয়া প্ৰযুক্তি আৰু নিষিদ্ধ ৰেট হোল খনন; উত্তৰকাশী উদ্ধাৰ অভিযানত বিশেষজ্ঞৰ মতামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.