ETV Bharat / bharat

Indigo Flight Emergency Landing : তেলেংগানা বিমানবন্দৰত জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ

ডিজিচিএৰ সূত্ৰই প্ৰকাশ কৰামতে, ১৩৭ জন যাত্ৰীৰ সৈতে ইণ্ডিগো বিমানখনে (৬ই৮৯৭) কাৰিকৰী বিজুতিৰ বাবে তেলেংগানাৰ শ্বামছাবাদ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে (Indigo flight emergency landing at Telangana airport) ।

Indigo
Indigo
author img

By

Published : Apr 4, 2023, 12:53 PM IST

নিউজ ডেস্ক, ৪ এপ্ৰিল : কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা উৰামৰাৰ কিছু সময় পিছতে মঙলবাৰে পুৱা কাৰিকৰী বিজুতিৰ বাবে বাৰাণসী অভিমুখী ইণ্ডিগোৰ এখন বিমানে তেলেংগানাৰ শ্বামছাবাদ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে (Indigo flight emergency landing at Telangana airport) । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ সূত্ৰই জনাইছে যে ১৩৭ জন যাত্ৰীৰ সৈতে ইণ্ডিগো বিমানখনে (৬ই৮৯৭) কাৰিকৰী সমস্যাৰ বাবে মঙলবাৰে পুৱা ৬.১৫ বজাত তেলেংগানাৰ শ্বামছাবাদ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে (IndiGo flight emergency landing at Shamshabad Airport) ।

জানিব পৰা মতে, ইণ্ডিগো বিমানত থকা সকলো যাত্ৰী সুৰক্ষিত । অৱশ্যে কাৰিকৰী সমস্যাটোৰ বিষয়ে তাৎক্ষণিকভাৱে একো জানিব পৰা হোৱা নাই । ডিজিচিএয়ে এক চৰকাৰী বিবৃতিত কয় যে এই বছৰৰ ফেব্ৰুৱাৰী মাহত গুজৰাটৰ চুৰাটৰ পৰা উৰা মাৰিবলৈ লোৱা দিল্লী অভিমুখী ইণ্ডিগো বিমান এখন চুৰাটত অৱতৰণৰ সময়ত এটা চৰায়ে বিমানখনত খুন্দা মৰাৰ পিছত আহমেদাবাদলৈ পথ পৰিৱৰ্তন কৰা হৈছিল (Indigo Flight Emergency Landing) ।

ডিজিচিএয়ে (Directorate General of Civil Aviation, DGCA) কৈছে যে চুৰাটত অৱতৰণৰ সময়ত চৰাইৰ আঘাতৰ বাবে ইণ্ডিগো ফ্লাইট এ৩২০ বিমান ভিটি-আইজেআই অপাৰেটিং ফ্লাইট ৬ই-৬৪৬-ক (চুৰাট– দিল্লী) আহমেদাবাদলৈ পৰিৱৰ্তন কৰা হৈছিল । তাত কোৱা হৈছে যে এন ১ কম্পন ৪.৭ ইউনিট আছিল আৰু বিমানখন আহমেদাবাদত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল । উক্ত ঘটনাটোত বিমানখনৰ 2 নং ইঞ্জিন ফেন ব্লেডবোৰ ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছিল । যাৰ বাবে পিছত বিমানখনক Aircraft on Ground (AOG) ঘোষণা কৰা হৈছিল ।

আনহাতে, ২৫ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত আন এক জৰুৰী অৱতৰণ কৰিবলগা ঘটনা সংঘটিত হৈছিল । কোচিনৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানখনত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ভূপাললৈ পৰিৱৰ্তন কৰা হৈছিল । ইণ্ডিগ' ফ্লাইট ৬ই ২৪০৭ খন চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ভূপাললৈ পথ পৰিৱৰ্তন কৰা হৈছিল । ভূপালত অৱতৰণ কৰাৰ পিছত যাত্ৰীজনক সুৰক্ষিতভাৱে নিকটতম চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় ।

লগতে পঢ়ক :India China Conflict : অৰুণাচলৰ ১১ স্থান পুনৰ চীনৰ নামকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.