ETV Bharat / bharat

ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ জনগাঁথনিগত লাভালাভ : উপ ৰাষ্ট্ৰপতি

author img

By

Published : Jan 17, 2021, 9:55 PM IST

দেশৰ যুৱশক্তি চাকৰি বিচৰাতকৈ চাকৰি সৃষ্টি কৰ্তা হোৱাৰ বাবে যুৱক-যুৱতী সকলে কাম কৰাৰ মানসিকতাৰে কাম কৰি যোৱাৰ আহ্বান জনায় ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে ৷ ভাৰতৰ জনগাঁথনিগত লাভালাভক ভাৰতৰ সৰ্ববৃহৎ শক্তি বুলিও মন্তব্য় কৰে নাইডুৱে ৷

indias-demographic-dividend-needs-to-be-fully-leveraged
ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ জনগাঁথনিগত লাভালাভঃ উপ ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, 17 জানুৱাৰী : ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেকংয়া নাইডুৱে দেওবাৰে কয় যে, ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ 'জনগাঁথনিগত লাভালাভ' ৷ জনসাধাৰণে বিভিন্ন খণ্ডৰ জৰিয়তে দেশৰ প্ৰগতি দ্ৰুত গতিত আগবঢ়াই নিয়াৰ বাবে ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব ৷ দেশৰ যুৱশক্তিক আগুৱাই আহি দেশৰ বিকাশক আগবঢ়াই নিয়াত অৰিহণা আগবঢ়াবলৈও আহ্বান জনায় উপৰাষ্ট্ৰপতিগৰাকীয়ে ৷

তেওঁ ৰাজভৱনত দেশৰ প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ ওপৰত লিখা জীৱনী মুকলি কৰাৰ পিছত মন্তব্য প্ৰকাশ কৰি কয় যে, আমি কৃষিৰ পৰা আৰম্ভ কৰি অন্য সামগ্ৰী উৎপাদন আৰু আগন্তুক বছৰবোৰত দ্ৰুত বিকাশৰ হাৰ নিশ্চিত কৰাৰ বাবে বিভিন্ন খণ্ডক দ্ৰুত গতিত প্ৰগতিৰ দিশেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ লাভ উঠাব লাগিব ৷

"এয়া দেশৰ যুৱচামৰ বাবে প্ৰগতি ত্বৰান্বিত কৰা আৰু ভাৰতৰ উন্নয়ন ব্যৱস্থাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আগভাগ লোৱাৰ সময় " তেওঁ লগতে কয় ৷ তদুপৰি দেশৰ যুৱশক্তি চাকৰি বিচৰাতকৈ চাকৰি সৃষ্টি কৰ্তা হোৱাৰ বাবে যুৱক-যুৱতী সকলে কাম কৰি যোৱাৰ পোষকতা কৰে উপ-ৰাষ্ট্ৰপতি এম ভেকংয়া নাইডুৱে ৷

লগতে পঢ়ক: সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীক ভাৰ্চুৱেলভাৱে সাক্ষাৎ কৰিব ৰমেশ পোখৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.