ETV Bharat / bharat

চেন্নাইত ভাৰত-আমেৰিকা উপকূলৰক্ষী বাহিনীৰ যুটীয়া অনুশীলন সমাপ্ত

author img

By

Published : Sep 20, 2022, 11:29 AM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ কাটাৰ মিজেটৰ চাৰিদিনীয়া ভ্ৰমণ সোমবাৰে সমাপ্ত হয় (visit of US Coast Guard Cutter Midgett to Chennai) । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এক বিবৃতিত এই কথা প্ৰকাশ (Indian Coast Guard) ।

coast guard
coast guard

নেচনেল ডেস্ক, ২০ ছেপ্টেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীৰ কাটাৰ মিজেটৰ চাৰিদিনীয়া ভ্ৰমণ সোমবাৰে সমাপ্ত হয় (visit of US Coast Guard Cutter Midgett to Chennai) । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এক বিবৃতিত এই কথা প্ৰকাশ (Indian Coast Guard) । 16 ৰ পৰা 19 ছেপ্টেম্বৰলৈ হোৱা উক্ত ভ্ৰমণকালত ইউএছচিজি জাহাজখনে ভিবিএছএছ পেছাদাৰী বিনিময় (USCG ship professional exchanges on VBSS), ক্ৰছ ডেক ভ্ৰমণ আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সৈতে ভলীবল মেচত অংশগ্ৰহণ কৰে । আনহাতে, সোমবাৰে চেন্নাইত 'অভ্যাস-01/22' নামৰ এক যুটীয়া অনুশীলন অনুষ্ঠিত হয় (US Cutter Midgett visit to Chennai) ।

উক্ত অনুশীলনত উপকূলৰক্ষী বাহিনীক ইজনে সিজনৰ সামৰ্থ্যৰ সৈতে পৰিচিত কৰোৱা আৰু সামুদ্ৰিক অনুসন্ধান আৰু উদ্ধাৰ, ব'ৰ্ডিং অপাৰেচন আৰু অন্যান্য সামুদ্ৰিক আইন প্ৰৱৰ্তন কৰ্তব্যৰ (maritime law enforcement duties) ক্ষেত্ৰত আন্তঃকাৰ্যকাৰিতা বৃদ্ধিৰ দিশত তেওঁলোকৰ কৰ্মস্তৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

এই অনুশীলনৰ মুখ্য বিষয়সমূহ হৈছে বিভিন্ন ফ্লীট মেনুৱেৰ, এখন জাহাজ অপহৰণৰ দৃশ্য আৰু পৰৱৰ্তী সময়ত দুয়োখন দেশৰ এক সমন্বিত জলদস্যুবিৰোধী যুটীয়া অভিযানত কৰ্মচাৰীসকলক উদ্ধাৰৰ অনুশীলন কৰা হয় ।

বিবৃতি অনুসৰি, পাইৰেটেড জাহাজৰ আন্তঃসংযোগ, সমন্বিত যুটীয়া ব'ৰ্ডিং অভিযান, এছএআৰ প্ৰদৰ্শন আৰু জ্বলন্ত জাহাজ উদ্ধাৰৰ বাবে বাহ্যিক অগ্নিনিৰ্বাপক বাহিনী এই অনুশীলনৰ অন্যান্য মুখ্য বিষয় আছিল ।

লগতে পঢ়ক :শ্ৰীলংকাৰ নৌ সেনাই আটক কৰিলে ভাৰতৰ ৮ মাছমৰীয়াক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.