ETV Bharat / bharat

NASA new Moon to Mars Programme Office head: নাছাৰ কাৰ্যালয়ত ভাৰতীয় মূলৰ অমিত ক্ষত্ৰিয়ৰ নতুন দায়িত্ব

author img

By

Published : Mar 31, 2023, 5:06 PM IST

নাছাৰ নতুন চন্দ্ৰৰ পৰা মঙল অভিযান কাৰ্যালয়ত মুৰব্বীৰ দায়িত্ব লাভ কৰিলে ভাৰতীয় মূলৰ অমিত ক্ষত্ৰিয়ই (Amit Kshatriya appointed as head of NASA office)। মানৱ সমাজৰ সুবিধাৰ বাবে চন্দ্ৰ আৰু মঙ্গল গ্ৰহত নাছাৰ মানৱ অন্বেষণ কাৰ্যকলাপ সম্পাদন কৰা এই কাৰ্যালয়ৰ মুখ্য উদ্দেশ্য হ'ব । ইয়াৰ পূৰ্বে নাছাৰ কাৰ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছিল ক্ষত্ৰিয় ।

NASA new Moon to Mars Programme Office head
নাছাৰ কাৰ্যালয়ত ভাৰতীয় মূলৰ অমিত ক্ষত্ৰিয়ৰ নতুন দায়িত্ব

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : নাছাৰ কাৰ্যালয়ত নতুন দায়িত্ব লাভ কৰিলে ভাৰতীয় মূলৰ ছফ্টৱেৰ আৰু ৰবটিক্স অভিযন্তা অমিত ক্ষত্ৰিয়ই (Indian origin software and robotics engineer)। ৱাশ্বিংটনত সংস্থাটোৰ মুখ্য কাৰ্যালয়ত নতুনকৈ স্থাপন কৰা চন্দ্ৰৰ পৰা মঙ্গল অভিযান কাৰ্যালয়ৰ মুৰব্বী হিচাপে দায়িত্ব লাভ ক্ষত্ৰিয়ৰ । নতুন কাৰ্যালয়টোৰ লক্ষ্য হৈছে মানৱ সমাজৰ সুবিধাৰ বাবে চন্দ্ৰ আৰু মঙ্গল গ্ৰহত নাছাৰ মানৱ অন্বেষণ কাৰ্যকলাপ সম্পাদন কৰা ।

নাছাৰ প্ৰশাসক বিল নেলছনে (NASA Administrator Bill Nelson) এক বিবৃতিত কয় যে চন্দ্ৰৰ পৰা মঙ্গল কাৰ্যসূচী কাৰ্যালয়ে নাছাক চন্দ্ৰলৈ সাহসী অভিযান সম্পাদন কৰাৰ লগতে মঙ্গল গ্ৰহত প্ৰথম মানুহ অৱতৰণ কৰিবলৈ প্ৰস্তুত কৰাত সহায় কৰিব (NASA new moon to Mars Programme Office)। তেওঁৰ মতে অন্বেষণৰ সোণালী যুগ চলি আছে । এই নতুন কাৰ্যালয়ে নিশ্চিত কৰিব নাছাই কেনেদৰে সফলতাৰে মঙল গ্ৰহলৈ মানৱ যান লৈ যাব পাৰে বা দীৰ্ঘম্যাদী অভিযানৰ অন্তত চন্দ্ৰত উপস্থিত হ'ব পাৰিব ।

২০২২ চনৰ নাছা কৰ্তৃত্ব আইনৰ নিৰ্দেশনা অনুসৰি (2022 NASA Authorization Act), চন্দ্ৰৰ পৰা মঙ্গল কাৰ্যসূচী কাৰ্যালয়ে সংস্থাটোৰ অন্বেষণ পদ্ধতিৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে হাৰ্ডৱেৰ বিকাশ, মিছন একত্ৰীকৰণ, আৰু বিপদাশংকা ব্যৱস্থাপনা কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ে যিয়ে বৈজ্ঞানিক আৱিষ্কাৰৰ এক নতুন যুগ মুকলি কৰিবলৈ আৰু মঙ্গল গ্ৰহত মানৱ অভিযানৰ বাবে প্ৰস্তুত কৰিবলৈ চন্দ্ৰত আৰ্টেমিছ অভিযান ব্যৱহাৰ কৰে ।

ইয়াৰ ভিতৰত আছে মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট (Space Launch System rocket), অৰিয়ন মহাকাশযান, সমৰ্থনকাৰী ভূমি প্ৰণালী, মানৱ অৱতৰণ প্ৰণালী, স্পেচচুট, গেটৱে আৰু গভীৰ মহাকাশ অন্বেষণৰ সৈতে অধিক জড়িত ।

নতুন কাৰ্যালয়টোৱে মানৱ মঙ্গল অভিযানক সমৰ্থন কৰাৰ বাবে দীৰ্ঘম্যাদী বিকাশৰ বাবে পৰিকল্পনা আৰু বিশ্লেষণৰ নেতৃত্ব দিব । কাৰ্যালয়টো অন্বেষণ প্ৰণালী উন্নয়ন মিছন সঞ্চালকালয়ৰ (ইএছডিএমডি) ভিতৰত আছে আৰু উপ সহযোগী প্ৰশাসক হিচাপে নিযুক্তি লাভ কৰা ক্ষত্ৰিয়াই ইয়াৰ সহযোগী প্ৰশাসক জিম ফ্ৰীক প্ৰতিবেদন দিব । ক্ষত্ৰিয়াই পূৰ্বে কমন এক্সপ্লোৰেচন চিষ্টেম ডেভেলপমেণ্টৰ কাৰ্যকৰী উপ সহযোগী প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (Common Exploration Systems Development)।

নতুন দায়িত্বত ক্ষত্ৰিয়ই চন্দ্ৰ আৰু মঙ্গল গ্ৰহত মানৱ অভিযানৰ বাবে কাৰ্যসূচী পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে দায়বদ্ধ হ'ব (Indian origin engineer Amit Kshatriya)। তেওঁ আৰ্টেমিছ আৰু মঙ্গল গ্ৰহৰ পৰিকল্পনা, বিকাশ আৰু কাৰ্যকলাপ ইএছডিএমডি প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ কাৰ্যসূচীবোৰৰ নিৰ্দেশনা আৰু নেতৃত্ব দিব । লগতে বিপদাশংকা ব্যৱস্থাপনাৰ বাবে একক গুৰুত্বৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব ।

ক্ষত্ৰিয়াই ২০০৩ চনত মহাকাশ কাৰ্যসূচীত কৰ্মজীৱন আৰম্ভ কৰিছিল । এগৰাকী ছফ্টৱেৰ অভিযন্তা, ৰবটিক্স অভিযন্তা আৰু মহাকাশযান অপাৰেটৰ হিচাপে কাম কৰি মুখ্যতঃ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ৰবটিক এচেম্বলীৰ ওপৰত গুৰুত্ব দিছিল ।

২০১৪ চনৰ পৰা ২০১৭ চনলৈ তেওঁ মহাকাশ কেন্দ্ৰৰ বিমান সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । য'ত তেওঁ সকলো পৰ্যায়ৰ উৰণৰ সময়ত মহাকাশ কেন্দ্ৰৰ কাৰ্যকলাপ আৰু কাৰ্যকৰীকৰণত বিশ্বব্যাপী দলবোৰক নেতৃত্ব দিছিল । ২০১৭ চনৰ পৰা ২০২১ চনলৈ তেওঁ আই.এছ.এছ. বাহন কাৰ্যালয়ৰ ডেপুটি আৰু তাৰ পাছত কাৰ্যকৰী মেনেজাৰ হৈছিল । য'ত তেওঁ অভিযান্ত্ৰিক, লজিষ্টিক আৰু হাৰ্ডৱেৰ কাৰ্যসূচী ব্যৱস্থাপনা বজাই ৰখাৰ বাবে কাম কৰিছিল ।

২০২১ চনত তেওঁক সহকাৰী উপ সহযোগী প্ৰশাসক হিচাপে এক্সপ্লোৰেচন চিষ্টেমছ ডেভেলপমেণ্ট মিছন সঞ্চালকালয়ৰ নাছা মুখ্য কাৰ্যালয়ত নিযুক্ত দিয়া হৈছিল । য'ত তেওঁ দলটোৰ এক অবিচ্ছেদ্য অংশ আছিল যিয়ে আৰ্টেমিছ ১ অভিযানৰ সময়ত মানুহক চন্দ্ৰলৈ লৈ যোৱাৰ বাবে নিৰ্মাণ কৰা মহাকাশযানৰ ওপৰত কাম কৰিছিল । আমেৰিকাৰ প্ৰৱাসী ভাৰতীয়ৰ পুত্ৰ ক্ষত্ৰিয়াই কেলিফৰ্ণিয়াৰ পাচাডেনাৰ কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা গণিতত বিজ্ঞানৰ স্নাতক আৰু অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা গণিতত কলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

তেওঁক মহাকাশ কেন্দ্ৰলৈ ৫০ সংখ্যক অভিযানৰ মুখ্য বিমান সঞ্চালক হিচাপে দায়িত্বৰ বাবে নাছা আউটষ্টেণ্ডিং লিডাৰশ্বিপ মেডেল লগতে চিলভাৰ স্নুপী বঁটা প্ৰদান কৰা হৈছিল । যি বঁটা মহাকাশচাৰীসকলে বিমান সুৰক্ষাত অৰিহণা যোগোৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰদান কৰে । কক্ষপথৰ গৱেষণাগাৰলৈ বাণিজ্যিক অৰ্বিটাল ট্ৰান্সপোৰ্টেচন চাৰ্ভিচেছ ড্ৰেগন প্ৰদৰ্শন অভিযানৰ মুখ্য ৰবটিক্স বিষয়া হিচাপে তেওঁৰ কাৰ্যকলাপৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :ISRO One Web India Mission : ইছৰোৱে শ্ৰীহৰি কোটাৰ পৰা উৎক্ষেপণ কৰিলে 36 টা কৃত্ৰিম উপগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.