ETV Bharat / bharat

ভাৰতীয় নৌসেনাই বিফল কৰিলে জাহাজ অপহৰণৰ চেষ্টা; ১৫ ভাৰতীয়সহ ২১ ক্ৰু সদস্যক উদ্ধাৰ

Attempt to Hijack : নৌসেনাই ইউকে মেৰিটাইম ট্ৰেড অপাৰেচন পৰ্টেলত এটা বাৰ্তা প্ৰেৰণ কৰাৰ পিছত এমভি লীলা নৰফক জাহাজখনক সহায় কৰিবলৈ এখন যুদ্ধজাহাজ, সামুদ্ৰিক টহল বিমান পি-৮আই, হেলিকপ্টাৰ আৰু এমকিউ৯বি প্ৰিডেটৰ ড্ৰোন মোতায়েন কৰে । লগতে কয় যে বৃহস্পতিবাৰে সন্ধিয়া অজ্ঞাত সশস্ত্ৰ অপহৰণকাৰী জাহাজখনত উঠিছিল ।

author img

By PTI

Published : Jan 6, 2024, 7:15 AM IST

Updated : Jan 6, 2024, 1:44 PM IST

ভাৰতীয় নৌসেনাই বিফল কৰিলে জাহাজ অপহৰণৰ চেষ্টা

ইণ্টাৰনেচনেল ডেস্ক, ৬ জানুৱাৰী : ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক কমাণ্ডোৱে শুকুৰবাৰে উত্তৰ আৰব সাগৰত এক জাহাজ অপহৰণৰ প্ৰচেষ্টা বিফল কৰে । লগতে দ্ৰুত অভিযানত যুদ্ধজাহাজখনৰ পৰা ১৫ জন ভাৰতীয়সহ ২১ জন ক্ৰু সদস্যক উদ্ধাৰ কৰে । উল্লেখ্য যে পাঁচ-ছয়জনীয়া এটা সশস্ত্ৰ জলদস্যু দলে লাইবেৰিয়ান পতাকাযুক্ত জাহাজখন শুকুৰবাৰে অপহৰণৰ চেষ্টা কৰিছিল ।

নৌসেনাই ইউকে মেৰিটাইম ট্ৰেড অপাৰেচন পৰ্টেলত এটা বাৰ্তা প্ৰেৰণ কৰাৰ পিছত এমভি লীলা নৰফক জাহাজখনক সহায় কৰিবলৈ এখন যুদ্ধজাহাজ, সামুদ্ৰিক টহল বিমান পি-৮আই, হেলিকপ্টাৰ আৰু এমকিউ৯বি প্ৰিডেটৰ ড্ৰোন মোতায়েন কৰে । লগতে কয় যে বৃহস্পতিবাৰে সন্ধিয়া অজ্ঞাত সশস্ত্ৰ লোক জাহাজখনত উঠিছিল ।

আনহাতে, ভাৰতীয় নৌসেনাই নিজৰ অফিচিয়েল এক্স হেণ্ডেলত আৰব সাগৰত চলা এই হাই-ভল্টেজ অভিযানৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'বোৰত কমাণ্ডোসকলে জাহাজখনত গৈ কেনেদৰে তেওঁলোকৰ অভিযান চলাইছে সেয়া দেখুওৱা হৈছে ।

ভাৰতীয় নৌসেনাৰ মুখপাত্ৰ কমাণ্ডাৰ বিবেক মাধৱালে কয় যে আগশাৰীৰ যুদ্ধজাহাজ আইএনএছ চেন্নাইয়ে আবেলি ৩.১৫ বজাত মালবাহী জাহাজখন আবদ্ধ কৰে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া জলদস্যুৱে মালবাহী জাহাজখনত উঠি যোৱাৰ সময়ৰ পৰা সকলো কৰ্মচাৰী জাহাজখনৰ এটা সুৰক্ষিত কোঠাত লুকাই আছিল ।

"জাহাজখনত থকা ১৫ জন ভাৰতীয়কে ধৰি ২১ জন কৰ্মচাৰীক দুৰ্গৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে ।" মাধৱালে কয় ।

"এমআৰচিঅ'এছ কমাণ্ডোৱে অভিযান চলাই জাহাজখনত অপহৰণকাৰীৰ অনুপস্থিতি নিশ্চিত কৰিছে । জলদস্যুৰ দ্বাৰা এই অপহৰণৰ প্ৰচেষ্টা সম্ভৱত ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক টহল বিমানে নৌসেনাৰ যুদ্ধ জাহাজৰ দ্বাৰা দিয়া সতৰ্কবাণীৰ পিছত পৰিত্যাগ কৰা হৈছিল ।" তেওঁ কয় ।

আনহাতে, বিষয়াজনে কয় যে ভাৰতীয় জাহাজ আইএনএছ চেন্নাই এমভি লীলা নৰফকৰ ওচৰত আছে আৰু ই পৰৱৰ্তী বন্দৰলৈ যাত্ৰা আৰম্ভ কৰাত সহায় কৰাৰ উপৰি জাহাজখনত বিদ্যুৎ উৎপাদন আৰু প্ৰপালচন পুনৰুদ্ধাৰ কৰিবলৈ সমৰ্থন আগবঢ়াইছে ।

উল্লেখ্য যে এমভি লীলা নৰফক অপহৰণৰ চেষ্টাৰ বিষয়ে বাৰ্তা পোৱাৰ পিছত নৌসেনাই জাহাজখনক সহায় কৰিবলৈ আইএনএছ চেন্নাইক জলদস্যু বিৰোধী টহলৰ পৰা আঁতৰাই জাহাজখনক সহায় কৰাৰ কামত নিয়োজিত কৰে ।

লগতে পঢ়ক :চোমালিয়াৰ ওচৰত ১৫ ভাৰতীয়সহ কাৰ্গো জাহাজ অপহৰণ

Last Updated : Jan 6, 2024, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.