ETV Bharat / bharat

Indian student death in US : আমেৰিকাত ভাৰতীয় ছাত্ৰী জাহ্নৱীৰ মৃত্যুক লৈ কংগ্ৰেছ সদস্য ৰাজা কৃষ্ণমূৰ্তিৰ প্ৰতিক্ৰিয়া

প্ৰথমে ভাৰতীয় ছাত্ৰীগৰাকীক আৰক্ষীয়ে খুন্দিয়াই আৰু তাৰ পাছত ছাত্ৰীগৰাকীৰ মৃত্যুক লৈ আৰক্ষীয়ে উপহাস কৰে । সমগ্ৰ দৃশ্য বন্দী হয় আৰক্ষীৰ ব’ডী কেমেৰাত । এই ঘটনাক নিন্দা কৰাৰ লগতে উচিত তদন্তৰ দাবী ভাৰতীয় আমেৰিকান কংগ্ৰেছ সদস্য ৰাজা কৃষ্ণমূৰ্তিৰ ।

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 11:03 AM IST

Indian student death in US
আমেৰিকাত ভাৰতীয় ছাত্ৰী জাহ্নৱীৰ মৃত্যুক লৈ কংগ্ৰেছ সদস্য ৰাজা কৃষ্ণমূৰ্তিৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : আমেৰিকাত আৰক্ষীৰ বাহনৰ খুন্দাত ভাৰতীয় ছাত্ৰীৰ মৃত্যু হোৱাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে ঘটনাটোক লৈ আমেৰিকাৰ চিয়েটল আৰক্ষীয়ে ঠাট্টা কৰাৰ এটা ভিডিঅ' প্ৰকাশ পোৱাৰ পাছত বিষয়টোক লৈ অধিক উত্তেজনা বৃদ্ধি পাইছে । আনকি ভাৰতে ঘটনাটোৰ পুংখানুপুংখ তদন্তৰো দাবী কৰিছে ।

ভাৰতীয় আমেৰিকান কংগ্ৰেছ সদস্য ৰাজা কৃষ্ণমূৰ্তিয়েও বৃহস্পতিবাৰে চিয়েটল আৰক্ষীক ভাৰতীয় ছাত্ৰী জাহ্নৱী কান্দুলাৰ কৰুণ মৃত্যুৰ তদন্তৰ দাবী কৰিছে । কৃষ্ণমূৰ্তিয়ে কয় যে, জাহ্নৱী কান্দুলাৰ মৃত্যু অতি ভয়ংকৰ আছিল । তেওঁৰ ক্ষতিৰ পৰিমাণক লৈ কোনোৱে উপহাস কৰিব নালাগে ।

উল্লেখ্য যে, চিয়েটল আৰক্ষীৰ এগৰাকী বিষয়াই জাহ্নৱীৰ মৃত্যুকলৈ উপহাস কৰিছিল । প্ৰকাশ পোৱা সেই ভিডিঅ'টোক ঘৃণনীয় আৰু গ্ৰহণযোগ্য নহয় বুলিও তেওঁ দাবী কৰে । যাৰ বাবে তেওঁ ছিয়েটল আৰক্ষীক এই বিষয়টোৰ তদন্তৰ দাবী কৰিছে ।

ৱাশ্বিংটনৰ নৰ্থইষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ ছাত্ৰী জাহ্নৱীৰ যোৱা ২৩ জানুৱাৰীৰ নিশা দুৰ্ঘটনাত পতিত হৈছিল । পথেৰে খোজকাঢ়ি গৈ থকাৰ সময়তে ক্ৰছিঙত তীব্ৰবেগী আৰক্ষীৰ বাহনে খুন্দিয়ায় । আনহাতে, দুৰ্ঘটনাটোৰ পাছত ডেনিয়েল অডেৰ নামৰ এগৰাকী আৰক্ষীৰ বডী কেমেৰাত বন্দী হোৱা এটা ভিডিঅ'ত কিছুমান চাঞ্চল্যকৰ বাৰ্তালাপ দেখা গৈছিল । য'ত আৰক্ষী বিষয়াগৰাকীয়ে কৈছিল যে, এখন ১১ হাজাৰ আমেৰিকান ডলাৰৰ চেক লিখক । ছাত্ৰীগৰাকীৰ বয়স ২৬ বছৰ আৰু সেয়ে তেওঁৰ মৃত্যুৰ মূল্যও সীমিত বুলি মন্তব্য কৰিছিল ।

ইফালে ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটেও শোকাৱহ পথ দুৰ্ঘটনাক লৈ নিন্দা কৰে আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰে । ঘটনাৰ ন্যায় দাবী কৰাৰ লগতে ইয়াৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ।

লগতে পঢ়ক :Indian students death in US: ভাৰতীয় ছাত্ৰীৰ মৃত্যুক লৈ আমেৰিকা আৰক্ষীৰ ঠাট্টা, তদন্তৰ দাবী ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.