ETV Bharat / bharat

India UAE economic partnership : ভাৰত আৰু ইউএইৰ অৰ্থনৈতিক অংশীদাৰিত্ব ঐতিহাসিক; ইউএইৰ বৈদেশিক মন্ত্ৰী

author img

By

Published : Jul 15, 2023, 4:15 PM IST

প্ৰধানমন্ত্ৰী মোডীৰ আবু ধাবি ভ্ৰমণৰ পূৰ্বেই দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কক লৈ বিশেষ চৰ্চা চলিছিল । দুয়োখন দেশৰ এই সম্পৰ্ক ঐতিহাসিক বুলি ঘোষণা কৰিছে ইউএইৰ বৈদেশিক বাণিজ্য ৰাজ্যিক মন্ত্ৰী ড০ থানি বিন আহমেদ আল জাউদীয়ে ।

India UAE economic partnership
ভাৰত আৰু ইউএইৰ অৰ্থনৈতিক অংশীদাৰিত্ব ঐতিহাসিক

নেশ্যনেল ডেস্ক,১৫ জুলাই : ফ্ৰান্সৰ পৰা পোনে পোনে ইউএইত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ইউএই প্ৰশাসনে কৈছে যে ভাৰতৰ সৈতে তেওঁলোকৰ অৰ্থনৈতিক অংশীদাৰিত্ব ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব । ইউএইৰ বৈদেশিক বাণিজ্য ৰাজ্যিক মন্ত্ৰী ড০ থানি বিন আহমেদ আল জাউদীয়ে কয় যে ২০৩০ চনৰ ভিতৰত ইউএই আৰু ভাৰতৰ মাজত তৈল বাণিজ্য প্ৰতি বছৰে ১০০ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হোৱাৰ সম্ভাৱনা আছে । ইউএই আৰু ভাৰতে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি বিকাশ আৰু সুযোগৰ এক নতুন মাত্ৰা প্ৰদান কৰিব ।

ভাৰত আৰু ইউএইৰ মাজত ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি স্বাক্ষৰিত হৈছিল । ১ মে'ৰ পৰা ই কাৰ্যকৰী হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহয়ানৰ মাজত চুক্তিখন স্বাক্ষৰ হৈছিল । ভাৰত আৰু ইউএইৰ মাজত এই চুক্তিৰ সফলতা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইউএই-ভাৰত ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিক দুয়োখন দেশৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হ'ব ।

ভাৰত আৰু ইউএইৰ মাজত চুক্তিখনৰ গুৰুত্বপূৰ্ণ ফলাফলৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দ্বিপাক্ষিক বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি পাইছে । চুক্তিখনে পূব-পশ্চিম যোগান শৃংখলাত যথেষ্ট নমনীয়তা আনিছে আৰু এছিয়াক মধ্য প্ৰাচ্য আৰু আফ্ৰিকাৰ সৈতে সংযোগ কৰা এক নতুন বাণিজ্য কৰিডৰ বিকশিত কৰিছে । মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ খুচুৰা, উদ্যোগ, খাদ্য সুৰক্ষা, প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু লজিষ্টিককে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতত ইউএইৰ বিনিয়োগৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।

গুজৰাটত ৩০০ মেগাৱাটৰ হাইব্ৰিড প্ৰকল্পকে ধৰি ইউএইৰ কিছুমান নৱীকৰণযোগ্য শক্তি প্ৰকল্পকলৈও মন্ত্ৰীগৰাকী যথেষ্ট উৎসাহিত । ২০২৩ চনৰ মে' মাহত, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক চৰকাৰী বিবৃতিত কৈছিল যে যোৱা এবছৰত চুক্তিখনে ইউএইৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিশেষকৈ ইউএইলৈ ভাৰতৰ ৰপ্তানিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে ।

মন্ত্ৰালয়ে কয় যে ভাৰত আৰু ইউএইৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২০২১ৰ মাৰ্চৰ পৰা ২০২২ৰ এপ্ৰিললৈ ৭২.৯ বিলিয়ন আমেৰিকান ডলাৰ আছিল আৰু তাৰ পাছত ২০২২ৰ মাৰ্চৰ পৰা ২০২৩ৰ এপ্ৰিললৈ ই ৮৪.৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে । অনাগত দিনবোৰতো ভাৰত আৰু ইউএইৰ মাজত বাণিজ্যিক সম্পৰ্ক অব্যাহত থাকিব বুলিও নিশ্চিত কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :PM Modi's gifts for Macron: ইমানুৱেল মেক্ৰন আৰু ব্ৰিজিট মেক্ৰনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.