ETV Bharat / bharat

ভাৰতত ক’ভিড-19 ৰ শেহতীয়া তথ্য

author img

By

Published : Dec 8, 2020, 1:28 PM IST

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পাঁচ মাহৰ অন্তত এটা দিনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ 27,000 গৰাকী ৷ ইয়াৰ লগে লগে দেশত 97 লাখৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ নতুনকৈ 385 গৰাকী লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 1,40,958 লৈ বৃদ্ধি পাইছে ৷

India-tracker-state-wise-report
ভাৰতত ক’ভিড-19 ৰ শেহতীয়া তথ্য

নিউজ ডেস্ক,8 ডিচেম্বৰঃমঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পাঁচ মাহৰ অন্তত এটা দিনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ 27,000 গৰাকী ৷ ইয়াৰ লগে লগে দেশত 97 লাখৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ তদুপৰি মন্ত্ৰণালয়ে জনোৱা তথ্য অনুসৰি এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 91.78 লাখ লৈ বৃদ্ধি পাইছে ৷ প্ৰতিদিনে 26,567 টা নতুন সংক্ৰমণ হোৱাৰ বিপৰীতে মুঠ কৰ’ণা ভাইৰাছৰ ঘটনা 97,03,770 লৈ বৃদ্ধি পাইছে ৷

India-tracker-state-wise-report
ভাৰতত ক’ভিড-19 ৰ শেহতীয়া তথ্য

ইপিনে নতুনকৈ 385 টা মৃত্যুৰ ঘটনা পোহৰলৈ অহাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 1,40,958 লৈ বৃদ্ধি পাইছে ৷ তদুপৰি ভাৰতৰ COVID-19 ৰ তালিকাখনে 7 আগষ্টত 20 লাখ, 23 আগষ্টত 30 লাখ আৰু 5 ছেপ্টেম্বৰত 40 লাখ অতিক্ৰম কৰিছিল । কিন্তু ইয়াৰ পিছত COVID-19 ৰ তালিকাখনে 16 ছেপ্টেম্বৰত 50লাখ, 28 ছেপ্টেম্বৰত 60 লাখ, 11 অক্টোবৰত 70 লাখ, 29 অক্টোবৰত 80 লাখ আৰু 20 নৱেম্বৰত 90 লাখ অতিক্ৰম কৰিছিল।

আনহাতে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)এ জনোৱা মতে, 7 ডিচেম্বৰলৈকে 14,88,14,055 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু সোমবাৰে 10,26,399টা নমুনা পৰীক্ষা কৰা হৈছে । উল্লেখ্য যে,নতুনকৈ মৃত্যু হোৱা 385 টা ঘটনাৰ ভিতৰত দিল্লীত 63 গৰাকী, পশ্চিম বংগত 48 গৰাকী, মহাৰাষ্ট্ৰত 40 গৰাকী, হাৰিয়ানা আৰু কেৰালাত 23 গৰাকী, চত্তীশগড়ত 21 গৰাকী আৰু উত্তৰ প্ৰদেশত 20 গৰাকী লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়কঃ হালধীয়া আস্বাদনে আৱৰি ধৰিছে মাজুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.