নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল : ভাৰতে নিৰন্তৰভাৱে সামৰিক শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । ইউক্ৰেইনক লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত মতানৈক্য চলি থকাৰ মাজতে ভাৰতে দুয়োখন দেশৰ পৰা প্ৰায় ২০০ নিযুত আমেৰিকান ডলাৰ (প্ৰায় ১,৬০০ কোটি) মূল্যৰ মিছাইল প্ৰণালী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে (India to buy missile system)। সূত্ৰৰ মতে, এই সন্দৰ্ভত প্ৰতিৰক্ষা বাহিনীয়ে দিয়া প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰালয়ত আলোচনা অন্তিম পৰ্যায়ত আছে ।
উল্লেখ্য যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ এবছৰৰো অধিক সময় হ'ল (Russia Ukraine War)। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল । যোৱা এবছৰত এই যুদ্ধত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ মাজতে আকৌ ভাৰতে সামৰিক শক্তি বৃদ্ধি অধিক চেষ্টা চলাইছে ।
প্ৰস্তাৱ অনুসৰি, ভাৰতীয় নৌসেনাই ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক মিছাইল প্ৰণালী ক্ৰয়ৰ প্ৰস্তাৱ দিছে (India to buy missile system from US and Russia)। ৰাছিয়াৰ পৰা ২০ খন ক্লাৱ এণ্টি-ছিপ ক্ৰুজ মিছাইল (Anti Ship Cruise Missile) আৰু আমেৰিকান হাৰ্পুন এণ্টি-শিপ মিছাইল প্ৰণালীৰ বাবে প্ৰস্তাৱ দিছে ভাৰতে । প্ৰতিৰক্ষা বিভাগৰ সূত্ৰৰ মতে, ৰাছিয়াৰ ক্লুব মিছাইল ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আৰু চাবমেৰিন দুয়োটা ক্ষেত্ৰতে নিয়োজিত কৰিব পাৰি । ভাৰতীয় সেনাই দীৰ্ঘদিন ধৰি এই ব্যৱস্থা আমদানি কৰি আহিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হাৰ্পুন মিছাইল প্ৰণালীৰ বাবে ভাৰতত প্ৰায় ৮০ নিযুত আমেৰিকান ডলাৰ ব্যয় হ'ব বুলি আশা কৰা হৈছে । উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে ইতিমধ্যে ভাৰতক হাৰ্পুন জইণ্ট কামান টেষ্ট চেট (Harpoon Joint Common Test Set) আৰু ইয়াৰ সৈতে জড়িত সঁজুলি বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে ।
ভাৰতে পৰম্পৰাগতভাৱে ৰাছিয়াৰ অস্ত্ৰ প্ৰণালী ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু যোৱা দুটা দশকত, আমেৰিকা আৰু ফ্ৰান্সৰ পৰা বৃহৎ পৰিমাণৰ সঁজুলি ক্ৰয় কৰিছে । যিটোৱে ভাৰতীয় সেনাক অধিক শক্তিশালী কৰিছে । ভাৰতীয় নৌসেনাই ইতিমধ্যে ইয়াৰ এণ্টি-চাবমেৰিন যুদ্ধ বিমান আৰু চাবমেৰিনত হাৰ্পুন মিছাইল মোতায়েন কৰিছে ।