ETV Bharat / bharat

Nepal Earthquake : ভূঁইকঁপ বিধ্বস্ত নেপালক সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ - Prime Minister Narendra Modi

"নেপালত সংঘটিত ভূমিকম্পৰ ফলত প্ৰাণ হেৰুৱাবলগা হোৱা পৰিস্থিতি আৰু ক্ষতিৰ বাবে অতিশয় দুখিত । ভাৰতে নেপালৰ জনসাধাৰণৰ সৈতে আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

ভূঁইকঁপ বিধ্বস্ত নেপালক সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ
Nepal Earthquake
author img

By ANI

Published : Nov 4, 2023, 10:56 AM IST

Updated : Nov 4, 2023, 10:24 PM IST

নিউজ ডেস্ক, ৪ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ ভূমিকম্পত নিহত আৰু ক্ষতিৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে নেপালক সম্ভৱপৰ সকলো সহায় আগবঢ়াব ।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "নেপালত সংঘটিত ভূমিকম্পৰ ফলত প্ৰাণ হেৰুৱাবলগা হোৱা পৰিস্থিতি আৰু ক্ষতিৰ বাবে অতিশয় দুখিত । ভাৰতে নেপালৰ জনসাধাৰণৰ সৈতে আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছোঁ । লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ ।"

  • Deeply saddened by loss of lives and damage due to the earthquake in Nepal. India stands in solidarity with the people of Nepal and is ready to extend all possible assistance. Our thoughts are with the bereaved families and we wish the injured a quick recovery. @cmprachanda

    — Narendra Modi (@narendramodi) November 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে নিশা নেপালক ৬.৪ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় । ইয়াৰ ফলত ১২৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও ১৪১ জন লোক আহত হৈছে । ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল 'প্ৰচণ্ড' ভূমিকম্প প্ৰভাৱিত অঞ্চললৈ ৰাওনা হৈছে ।

স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ৩ বজাত পোৱা খবৰ অনুসৰি, এই ভূমিকম্পত দেশখনৰ জাজাৰকোট আৰু পশ্চিম ৰুকুম আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । জাজাৰকোট জিলাৰ উপ-আৰক্ষী অধীক্ষক সন্তোষ ৰোকাৰ মতে, জাজাৰকোটত ৯২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ভুক্তভোগীসকলৰ ভিতৰত নলগড় পৌৰসভাৰ ডেপুটী মেয়ৰ সৰিতা সিঙো থকা বুলি ৰোকাই জনাইছে ।

কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদন অনুসৰি, কাৰ্ণালী প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি বাৰেকোট জিলাৰ ৰামিদাণ্ডাত প্ৰায় ৪৪ জন লোকৰ মৃত্যু হৈছে আৰু ৭০ জন লোক আহত হৈছে । জাজাৰকোটত ৫৫ জনৰো অধিক লোক আহত হৈছে । তেওঁলোকৰ ভিতৰত পাঁচজনক সুৰখেতৰ কাৰ্ণালী প্ৰদেশ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আনহাতে, আনসকলক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ।

ইফালে পশ্চিম ৰুকুমত নিহতৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ উপৰি আথবিস্কোট পৌৰসভাত প্ৰায় ৩৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আনহাতে, ছানিবেৰী গ্ৰাম্য পৌৰসভাত আন আঠজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

পশ্চিম ৰুকুমত আহতৰ সংখ্যা ৮৫-ত উপনীত হৈছে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন ব্যক্তিক বিমানেৰে স্থানান্তৰ কৰাৰ প্ৰস্তুতি চলি আছে । আনহাতে, বাকীসকলক জিলা চিকিৎসালয়, চৌৰজাহাৰী চিকিৎসালয় আৰু অন্যান্য স্বাস্থ্য ক্লিনিকত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

নেপালৰ ৰাষ্ট্ৰীয় ভূকম্পন বিভাগৰ মতে, ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ৬.৪ নথিভুক্ত কৰা হৈছে । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপালত ১০ কিলোমিটাৰ গভীৰতাত । আনহাতে, দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো জিলাতো ভূমিকম্পৰ কম্পন অনুভূত হয় ।

লগতে পঢ়ক :Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ 128 জনৰ মৃত্যু

Last Updated : Nov 4, 2023, 10:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.