ETV Bharat / bharat

ক’ভিড ১৯: ভাৰতত নতুনকৈ ৯৩,২৪৯ জন আক্ৰান্ত - বৰ্তমান দেশত ৬,৯১,৫৯৭ টা আক্ৰান্তৰ ঘটনা সক্ৰিয়

ভাৰতত ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ১,২৪,৮৫,৫০৯ জন লৈ বৃদ্ধি । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১,১৬,২৯,২৮৯ জন লোক আৰোগ্য লাভ কৰিছে ।

ক’ভিড ১৯ঃ ভাৰতত নতুনকৈ ৯৩,২৪৯ জন আক্ৰান্ত

author img

By

Published : Apr 4, 2021, 12:19 PM IST

নেশ্যনেল ডেস্ক,4 এপ্ৰিল: ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । দেশত নতুনকৈ ৯৩,২৪৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে মুঠ ১,২৪,৮৫,৫০৯ জন লোক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৪ ঘণ্টাত দেশত ৫১৩ জন লোকে মহমাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ বৰ্তমানলৈকে দেশত ১,৬৪,৬২৩ জন লোকৰ মৃত্যু হৈছে ।

বৰ্তমান দেশত ৬,৯১,৫৯৭ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । আনহাতে, ভাৰতত ২৪ ঘণ্টাত ৬০,০৪৮ গৰাকী লোক আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা মুঠ ১,১৬,২৯,২৮৯ জন ।

ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা শনিবাৰলৈকে দেশত ১১,৬৬,৭১৬ টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে । এতিয়ালৈকে মুঠ ২৪,৮১,২৫,৯০৮ টা নমুনা পৰীক্ষণ সম্পন্ন হৈছে । ইফালে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে দেশত মুঠ ৭,৫৯,৭৯,৬৫১ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, ২ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশত ৪৫ ৰ উৰ্ধৰ সকলো লোকৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে । যোৱা ১৬ জানুৱাৰীত সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু কৰ'ণা যোদ্ধাৰ বাবে প্ৰথম পৰ্যায়ত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চৰকাৰে । আনহাতে, ১ মাৰ্চৰ পৰা ৬০ ৰ উৰ্ধৰ আৰু ৪৫-৫৯ বছৰৰ ভিতৰত কোনো ৰোগত আক্ৰান্ত লোকৰ বাবে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক: ছত্তিশগড়ত নক্সালবাদীৰ সংঘৰ্ষত নিহত ৫ জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.