ETV Bharat / bharat

Hardeep Singh Nijjar murder: খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত নহয়, কানাডাৰ অভিযোগ নস্যাৎ ভাৰতৰ - Canada allegations against India

কানাডাত খালিস্তানী নেতাক হত্যা কৰাৰ পাছৰে পৰা বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । কানাডাই অভিযোগ কৰা মতে এই হত্যাত ভাৰত চৰকাৰ জড়িত আছে । কানাডাৰ এই অভিযোগ নস্যাৎ কৰাৰ লগতে বিদেশী চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ।

Hardeep Singh Nijjar murder
খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত নহয়
author img

By ANI

Published : Sep 19, 2023, 1:55 PM IST

নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ : কানাডাত খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুৰ পাছৰে পৰা ভাৰত চৰকাৰ আৰু কানাডা চৰকাৰৰ মাজৰ সম্পৰ্কৰ অৱনতি হোৱা দেখা গৈছে । খালিস্তান নেতাগৰাকীৰ হত্যাত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ কৰিছে কানাডা চৰকাৰে । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ এই গুৰুতৰ অভিযোগ নস্যাৎ কৰিছে ভাৰত চৰকাৰে ।

এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডা চৰকাৰৰ অভিযোগসমূহক অযৌক্তিক আৰু অনুপ্ৰেৰিত বুলি অভিহিত কৰিছে । বিবৃতিত কোৱা হৈছে যে ভাৰতে সংসদত কানাডাৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য দেখিছে আৰু সেই অভিযোগ অস্বীকাৰ কৰিছে ।

চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে ভাৰত চৰকাৰে কানাডাত যিকোনো হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ নস্যাৎ কৰিছে । কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওচৰতো একে ধৰণৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাক সম্পূৰ্ণৰূপে নাকচ কৰা হৈছিল । বিজ্ঞপ্তিটোত কোৱা হৈছে যে ভাৰত আইনৰ শাসনৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ ।

এনে ধৰণৰ ভিত্তিহীন অভিযোগবোৰে কানাডাত আশ্ৰয় দিয়া খালিস্তানী সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীসকলৰ পৰা মনোযোগ আঁতৰাব বিচাৰিছে । যি খালিস্তানে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি অব্যাহত ৰাখিছে । এই বিষয়ত কানাডিয়ান চৰকাৰৰ নিষ্ক্ৰিয়তা দীৰ্ঘদিনীয়া বুলি অভিযোগ কৰে ভাৰত চৰকাৰে । বিজ্ঞপ্তিত কোৱা হৈছে যে গভীৰ উদ্বেগৰ বিষয়ত কানাডাৰ ৰাজনৈতিক নেতাসকলে মুকলিকৈ সহানুভূতি প্ৰকাশ কৰিছে ।

ভাৰত চৰকাৰে বিজ্ঞপ্তিত অভিযোগ কৰিছে যে হত্যা, মানৱ সৰবৰাহ আৰু সংগঠিত অপৰাধকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপক কানাডাত স্থান দিয়াটো নতুন বিষয় নহয় । ভাৰতে চৰকাৰক এনে ধৰণৰ বিষয়ৰ সৈতে সংযোগ কৰাৰ কানাডাৰ যিকোনো প্ৰচেষ্টা কঠোৰভাৱে প্ৰত্যাখ্যান কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিজ্ঞপ্তিৰ জৰিয়তে কানাডা চৰকাৰক তেওঁলোকৰ ভূমিৰ পৰা কাম কৰি থকা সকলো ভাৰত বিৰোধী উপাদানৰ বিৰুদ্ধে তৎক্ষণাৎ আৰু কাৰ্যকৰী আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনায় ।

উল্লেখ্য যে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে কানাডাত খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থকাৰ অভিযোগ উত্থাপন কৰে । সেই অভিযোগত কানাডাই সোমবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদকো বহিষ্কাৰ কৰে ।

লগতে পঢ়ক :Canada expels Indian diplomat: শিখ নেতাৰ হত্যাত জড়িতৰ অভিযোগত ভাৰতীয় শীৰ্ষ কূটনীতিবিদক বহিষ্কাৰ কানাডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.