ETV Bharat / bharat

ক’ভিড 19: ভাৰতত নতুনকৈ ৫৩,৪৮০ জন আক্ৰান্ত

author img

By

Published : Mar 31, 2021, 4:40 PM IST

Updated : Mar 31, 2021, 4:57 PM IST

ভাৰতত ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা ১,২১,৪৯,৩৩৫ জনলৈ বৃদ্ধি । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত আৰোগ্যৰ হাৰ ৯৪.১১ শতাংশলৈ হ্ৰাস । মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে মুঠ ১,৬২,৪৬৮ জন লোকে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,২১,৪৯,৩৩৫ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । দেশত নতুনকৈ ৫৩,৪৮০ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে ক’ভিড 19ত আক্ৰান্ত হৈছে মুঠ ১,২১,৪৯,৩৩৫ জন লোক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৪ ঘণ্টাত দেশত ৩৫৪ জন লোকে মহমাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ বৰ্তমানলৈকে দেশত ১,৬২,৪৬৮ জন লোকৰ মৃত্যু হৈছে ।

বিগত বৰ্ষৰ ১৭ ডিচেম্বৰত ৩৫৫ জন লোকে প্ৰাণ হেৰুৱাইছিল । আনহাতে, ভাৰতত এতিয়ালৈকে ১,১৪,৩৪,৩০১ গৰাকী লোক আৰোগ্য হৈ উঠিছে । আৰোগ্যৰ হাৰ ৯৪.১১ শতাংশলৈ হ্ৰাস পাইছে । বৰ্তমান দেশত ৫,৫২,৫৬৬টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ আগষ্টত ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ৩০ মাৰ্চলৈকে দেশত ২৪,৩৬,৭২,৯৪০টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে । মঙলবাৰে ১০,২২,৯১৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক:আই আই এম আহমেদাবাদত কৰ’ণা সংক্ৰমণ বৃদ্ধি

Last Updated : Mar 31, 2021, 4:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.