ETV Bharat / bharat

Oppositions meeting : বিৰোধী মহাজোঁটৰ নাম ঘোষণা, পৰৱৰ্তী বৈঠক মুম্বাইত - Kharge press meet

বেংগালুৰুৰ বৈঠকৰ পাছতে মল্লিকাৰ্জুন খাৰ্গেৰ সংবাদমেল । বিৰোধী মহাজোঁটৰ নাম ঘোষণা কৰে খাৰ্গেয়ে । ইফালে বিৰোধী মহাজোঁটৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ'ব মুম্বাইত ।

Oppositions meeting
বিৰোধী মহাজোঁটৰ নাম ঘোষণা
author img

By

Published : Jul 18, 2023, 6:39 PM IST

বিৰোধী মহাজোঁটৰ নাম ঘোষণা

নেশ্যনেল ডেস্ক,১৮ জুলাই : বিৰোধী মহাজোঁটৰ নাম হ'ব 'ইণ্ডিয়া' (INDIA)। এই ঘোষণা এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ । বেংগালুৰুত বিৰোধীৰ বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই কথা ঘোষণা কৰে । আনহাতে বিৰোধী মহাজোঁটৰ পৰৱৰ্তী বৈঠক মুম্বাইত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । সংবাদমেলত খাৰ্গেয়ে কয় যে এইখন অতি গুৰুত্বপূৰ্ণ বৈঠক । গণতন্ত্ৰ আৰু জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল বুলি তেওঁ উল্লেখ কৰে ।

বিৰোধীয়ে একতা মন্ত্ৰৰ সৈতে বহুতো সংকল্প লৈছে বুলিও তেওঁ উল্লেখ কৰে । মহাজোঁটক 'ইণ্ডিয়া নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স' বুলি নামাকৰণ কৰা হৈছে । এই নামটো সকলোৱে গ্ৰহণ কৰিছে । তেওঁ কয় যে এয়া এক ডাঙৰ সাফল্য হ'ব ।

তেওঁ উল্লেখ কৰা মতে ১১ জনীয়া সমন্বয় সমিতি গঠন কৰা হ'ব । শীঘ্ৰে ইয়াক গঠন কৰা হ'ব । পৰৱৰ্তী বৈঠক মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত হ'ব । তাতেই সমন্বয় সমিতিৰ ১১ জনীয়া সদস্যৰ নাম চূড়ান্ত কৰা হ'ব । খাৰ্গে কয় যে পৰৱৰ্তী বৈঠকৰ তাৰিখ সোনকালেই ঘোষণা কৰা হ'ব ।

খাৰ্গেয়ে অভিযোগ কৰা মতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংবিধান ধ্বংস কৰি আছে । বিৰোধী নেতাসকলক অনুসন্ধানকাৰী সংস্থাসমূহে ভয় খুৱাইছে । দেশ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । যদিও ৰাজ্যসমূহত বিৰোধী দলবোৰৰ মাজত ৰাজনৈতিক ভাৱে মতবিৰোধ আছে, কিন্তু বিৰোধী একেলগে আছে বুলিও তেওঁ উল্লেখ কৰে । বিৰোধীয়ে দেশৰ সুৰক্ষাৰ বাবে একত্ৰিত হৈছে বুলিও তেওঁ উল্লেখ কৰে । খাৰ্গে জনোৱা মতে বেংগালুৰু বৈঠকত ২৬ টা দলে অংশগ্ৰহণ কৰে । যাক দেখি বিজেপিয়ে ৩০ টা দলৰ এন ডি এৰ এখন বৈঠক আহ্বান কৰিছে । তেওঁ উল্লেখ কৰা মতে তেওঁলোকে নাজানে সেই ৩০ টা দল কোন ।

তেওঁ অভিযোগ কৰা মতে বিজেপিয়ে পূৰ্বে মিত্ৰশক্তিৰ সৈতে কথা পতা নাছিল । এতিয়া তেওঁলোকে বিভিন্ন ৰাজ্যলৈ গৈছে আৰু মিত্ৰতা কৰিছে । স্পষ্ট হৈ পৰিছে যে তেওঁলোকে বিৰোধীৰ মিত্ৰতাক ভয় কৰে । গণতন্ত্ৰ ৰক্ষা কৰিবলৈ বিৰোধী একত্ৰিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Bengaluru Meet : বিৰোধী মিত্ৰজোঁটৰ নতুন নামক লৈ চৰ্চা তুংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.