ETV Bharat / bharat

২০১৮ চনৰ পৰা ৫৭৭ গৰাকী অনুপ্ৰৱেশকাৰীক বাংলাদেশক হস্তান্তৰ

author img

By

Published : Jun 13, 2021, 10:11 PM IST

ভাৰত-বাংলাদেশ সীমান্তক আটাইতকৈ শান্তিপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বুলি গণ্য কৰা হয় ৷ যাৰ বাবে দুয়োখন দেশে তেওঁলোকৰ বন্ধুত্বমূলক সম্পৰ্ক বজাই ৰখাটো নিশ্চিত কৰে । পাৰস্পৰিক সহযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ২০১৮ চনৰ পৰা এতিয়ালৈ প্ৰায় ৫৭৭ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক চুবুৰীয়া দেশখনলৈ হস্তান্তৰ কৰিছে । ৫৭৭ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভিতৰত সীমাৰ ওচৰত অৱস্থিত গাওঁবোৰৰ মহিলা, শিশু আৰু পুৰুষ আছিল । বেছিভাগ সময়তে এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে চাকৰিৰ সন্ধানত আন্তৰ্জাতিক সীমা (IB) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল ।

International Border
২০১৮ চনৰ পৰা বাংলাদেশক হস্তান্তৰ ৫৭৭ গৰাকী অনুপ্ৰৱেশকাৰী

নেশ্যনেল ডেস্ক, ১৩ জুন: বাংলাদেশৰ সৈতে দীৰ্ঘ সময় ধৰি ভাৰতে এক বন্ধুমূলক সম্বন্ধ অব্যাহত ৰাখিছে । পাৰস্পৰিক সহযোগিতা আৰু দুয়োখন দেশৰ সীমান্ত জনগোষ্ঠীৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে ভাৰতে ২০১৮ চনৰ পৰা এতিয়ালৈ প্ৰায় ৫৭৭ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক চুবুৰীয়া দেশলৈ হস্তান্তৰ কৰিছে । ৫৭৭ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভিতৰত সীমাৰ ওচৰত অৱস্থিত গাওঁবোৰৰ মহিলা, শিশু আৰু পুৰুষ আছিল । বেছিভাগ সময়তে এই অবৈধ অনুপ্ৰৱেশকাৰীসকলে চাকৰিৰ সন্ধানত আন্তৰ্জাতিক সীমা (IB) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল । চলিত বছৰৰে বিগত ৫ মাহত নিজ দেশলৈ ঘূৰি গৈছে ১০০ ৰো অধিক লোক । সীমান্ত সুৰক্ষা বাহিনীৰ (BSF)ৰ মতে এই অনুপ্ৰৱেশকাৰীসকলক চুবুৰীয়া দেশৰ সীমান্ত ৰক্ষী বাংলাদেশ (BGB)ক হস্তান্তৰ কৰা হৈছে ।

তথ্য অনুসৰি, ইয়াৰে ৪৮০ গৰাকী অনুপ্ৰৱেশকাৰী পশ্চিমবংগৰ মাজেৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল, ৭১ জন ত্ৰিপুৰাৰ মাজেৰে, ১৮ জন মেঘালয় হৈ আৰু আঠজন অসমৰ মাজেৰে প্ৰৱেশ কৰিছিল । ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা এই বছৰৰ ২১ মে'ৰ ভিতৰত ৫৭৭ গৰাকী অনুপ্ৰৱেশকাৰীৰ সকলোকে বাংলাদেশক হস্তান্তৰ কৰা হৈছে । এই বছৰ ২১ মে'লৈকে বিএছএফৰ দ্বাৰা প্ৰায় ১২৯ জন বাংলাদেশী আটক কৰা হৈছিল । ইয়াৰ ভিতৰত ১১৬ জনে পশ্চিমবংগৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল, ৯ জন ত্ৰিপুৰা হৈ, ৩ জন মেঘালয়ৰ মাজেৰে আৰু এজন অসমৰ মাজেৰে ।

এই সংখ্যাৰ পৰা এটা কথা স্পষ্ট যে ২০১৮ চনত আটাইতকৈ বেছি বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল । মুঠ ২৬২ গৰাকীৰ ভিতৰত ২৩৫ গৰাকীয়ে পশ্চিমবংগৰ মাজেৰে ২৬ গৰাকী ত্ৰিপুৰাৰ মাজেৰে আৰু এগৰাকী অসমৰ মাজেৰে প্ৰৱেশ কৰিছিল ।

উল্লেখ্য যে ভাৰত-বাংলাদেশ সীমান্তক আটাইতকৈ শান্তিপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত(International Border) বুলি গণ্য কৰা হয় ৷ যাৰ বাবে দুয়োখন দেশে তেওঁলোকৰ সম্পৰ্ক বজাই ৰখাটো নিশ্চিত কৰে । ইফালে সীমান্তৰ গাওঁবাসীয়ে ভাৰতীয় ভূখণ্ডত অনায়াসে প্ৰৱেশ কৰিব পাৰে, কিয়নো ভাৰত-বাংলাদেশ সীমান্তৰ বেছিভাগ অংশই মুকলি । ভাৰত-বাংলাদেশ সীমান্ত অসমত ২৬২ কিলোমিটাৰ, ত্ৰিপুৰাত ৮৫৬ কিলোমিটাৰ, মিজোৰামত ৩১৮ কিলোমিটাৰ, মেঘালয়ত ৪৪৩ কিলোমিটাৰ আৰু পশ্চিম বংগত ২,২১৭ কিলোমিটাৰ ধৰি আৱৰি আছে ।

উল্লেখ্য যে, অনুপ্ৰৱেশকাৰীৰ লগতে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ, গৰু সৰবৰাহ, জাল নোট সৰবৰাহ আদি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু তাৰ পাচতো দেখা গৈছে ভাৰত চৰকাৰ সফল হ'ব পৰা নাই । কিয়নো, এতিয়াও বহু অঞ্চলত সীমান্তৰ বেৰ উন্মুক্ত হৈ আছে । ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বিশাল জলৰাশিৰ সীমান্তত এতিয়াও কোনো অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই চৰকাৰে ।

লগতে পঢ়ক: দিল্লীত ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.