নিউজ ডেস্ক , ৯ জানুৱাৰী : ক'ভিড-১৯ পৰিৱেশৰ বাবে আন্ত:ৰাষ্ট্ৰীয় যোগাযোগ ব্য়ৱস্থাত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখা গৈছিল । একাংশ দেশত আন দেশৰ প্ৰব্ৰজনকাৰী শ্ৰমিক অথবা অপ্ৰবাসীৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছিল । উল্লেখ যে এতিয়াও আমেৰিকাৰ দৰে একাংশ দেশত কিছু কিছু ক্ষেত্ৰত এই নিষেধাজ্ঞা অব্য়াহত আছে । আমেৰিকাই শেহতীয়াকৈ একাংশ ভিছাৰ লগতে ভাৰতীয় এইচ-১ ভিছা প্ৰদানৰ ক্ষেত্ৰত সময়সীমা পুনৰ বৃদ্ধি কৰিছে । যাৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে একাংশ দক্ষতাসম্পন্ন পেশাদাৰী আৰু অপ্ৰবাসী ভাৰতীয়ৰ মাজত ।
ডনাল্ড ট্ৰাম্পে বিগত মাহত ঘোষণা কৰা অনুসৰি শ্ৰমদান প্ৰক্ৰিয়াত ক'ভিড-১৯ৰ প্ৰভাৱৰ বাবে ভাৰতীয় নাগৰিকে ব্য়ৱহাৰ কৰা এইচ-১ ভিছা সহ অপ্ৰবাসী আৰু অস্থায়ী প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত দেশখনত প্ৰৱেশত নিশেধাজ্ঞা পুনৰ ৩ মাহলৈ বৃদ্ধি কৰিছে । এই নিশেধাজ্ঞা ৩১ মাৰ্চলৈ আছে কিন্তু প্ৰয়োজন সাপেক্ষে পুনৰ বৃদ্ধি কৰিব পাৰে বুলিও উল্লেখ কৰিছিল ট্ৰাম্প চৰকাৰে ।
ইয়াৰ পিছতে ভাৰতীয় আপ্ৰবাসীৰ সমস্য়া সমাধানৰ বাবে সম্প্ৰতি ভাৰত চৰকাৰে আমেৰিকা চৰকাৰৰ সৈতে আলোচনা অব্য়াহত ৰাখিছে । বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এক ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে জনোৱা মতে বাস্তৱিক কাৰণত আমেৰিকালৈ যাব বিচৰা ব্য়ক্তি সকলৰ স্বাৰ্থত ভিছা ব্য়ৱস্থাৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিলম্বৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ সৈতে ভাৰত চৰকাৰ যোগাযোগত আছে। দক্ষতাপূৰ্ণ পেশাদাৰীসকলে যে আমেৰিকাৰ অৰ্থব্য়ৱস্থাত অৰিহণা যোগাই আহিছে সেই বিষয়তো আমেৰিকা চৰকাৰে পূৰ্বে স্বীকাৰ কৰিছে বুলিও উল্লেখ কৰে মুখপাত্ৰজনে । যাৰ বাবে দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু সুদৃঢ় কৰাৰ উদ্দেশ্য়ে ভাৰত চৰকাৰে আলোচনা অব্য়াহত ৰাখিছে আমেৰিকা চৰকাৰৰ সৈতে ।
লগতে পঢ়ক :অৰ্থনৈতিক কেবিনেট দল ঘোষণা বাইডেনৰ